তেজপুৰ, ৩ মাৰ্চ : লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে শনিবাৰে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতেই আৰম্ভ হৈছে প্ৰচাৰ অভিযান ৷ দলটোৱে এইবাৰ অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব । আজি ৰাজ্য়ৰ আন সমষ্টিৰ লগতে শোণিতপুৰতো দলীয় নেতা-কৰ্মীসকলে আদৰিলে দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্তক । বিজেপিৰ লোকসভা নিৰ্বাচনৰ টিকট ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰত তেজপুৰত ৰঞ্জিত দত্তক আদৰণি জনোৱা হয় । দেওবাৰে বিজেপিৰ পশ্চিম তেজপুৰ জিলা কাৰ্যালয়ত ৰঞ্জিত দত্তক উষ্ম আদৰণি জনোৱা হয় ।
দলীয় কাৰ্যকৰ্তাই তেওঁক আদৰণি জনোৱা পিছতে ৰঞ্জিত দত্তই বিৰোধী ঐক্য মঞ্চৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিৰোধী ঐক্য মঞ্চক আক্ৰমৰ লক্ষ্য় কৰি তেওঁ কয়," বিৰোধী ঐক্যৰ দিল্লীত দোস্তী আৰু ইয়াত কুস্তী ৷ গতিকে বিৰোধী ইয়াতো শক্তিশালী হোৱাটো বিচাৰো । " বিৰোধী শক্তিশালী হ'লেহে এঘৰী যুঁজি ভাল লাগিব বুলি মন্তব্য় কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷