কলিয়াবৰ, 23 এপ্ৰিল:অভিযোগ-প্ৰতিঅভিযোগেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 9 নং নগাঁও লোকসভা সমষ্টিৰ ৰূপহী বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ বৰঘূলীত উপস্থিত হৈ বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিল অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷
নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলত যোগদান সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য ৷ হাজৰীকাই কয়, "দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতো যোগাযোগ কৰিছিল । দিল্লীৰ নেতাসকলকো লগ কৰিছিল । কিন্তু আমি বিজেপিত যোগদান কৰিবলৈ নিদিলো । তেখেত যদি ইমানেই সৎ, গুণী-জ্ঞানী মানুহ তেন্তে কামাখ্যা মন্দিৰলৈ গৈ শপত খালেই হ'ল । আমি বাৰে-বাৰে প্ৰত্যাহ্বান জনাইছো এতিয়া কামাখ্যা মন্দিৰলৈ নাযাওঁ বুলি কিয় কৈছে ? ক’ৰবাত গণ্ডগোল আছে ।"
এই সন্দৰ্ভত সংবাদ মাধ্যমে ফোন ৰেকৰ্ডিঙৰ প্ৰসংগ উত্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, "ফোন ৰেকৰ্ডিং কিয় কৰিব লাগে ? কামাখ্যা মন্দিৰত গৈ শপত খালেই হ'ল দেখোন ! কেতিয়াও কবিতা নিলিখা লোকৰ মুখেৰে এতিয়া আবোল-তাবোল ওলাইছে ।"