অসম

assam

ETV Bharat / politics

নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ বিপাঙত কংগ্ৰেছ-বিজেপি ! - BJP Candidate

Lok Sabha Election 2024 : নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ, বিজেপিৰ প্ৰাৰ্থী হ’ব কোন ? কংগ্ৰেছত গৌৰৱ নে প্ৰদ্যুৎ? সঁচাকৈয়ে চূড়ান্ত হ’ল নেকি বিজেপিৰ প্ৰাৰ্থী ? নে কংগ্ৰেছৰ চূড়ান্ত তালিকাৰ অপেক্ষাত বিজেপি ? সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীলতাৰ দাগ মচিবলৈ যোৰহাটলৈ ঢাপলি মেলিব নেকি গৌৰৱ গগৈ ? নে প্ৰদ্যুৎ বৰদলৈকো অসন্তুষ্ট কৰি নগাঁৱৰে প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ !

Candidate issue Nagaon MP
ক্ৰমাৎ চমু চাপিছে লোকসভা নিৰ্বাচন

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:35 PM IST

নগাঁও, 2 মাৰ্চ :ক্ৰমাৎ চমু চাপিছে লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ । বিশেষকৈ অসমৰ নগাঁও লোকসভা সমষ্টি দখল কৰাৰ নানা কৌশল ৰচনা কৰিছে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ।

এ আই ইউ ডি এফ দলে ইতিমধ্যেই ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থী ঘোষণা কৰি নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়ত প্ৰাৰ্থীয়েই চূড়ান্ত কৰিব পৰা নাই শাসকীয় দল বিজেপিৰ দলতে মূল বিৰোধী দল কংগ্ৰেছে ।

ক্ৰমাৎ চমু চাপিছে লোকসভা নিৰ্বাচন

বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণে নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাস সলনি কৰি দিয়াৰ পিচতেই সমীকৰণ সলনি হৈছে কংগ্ৰেছ, বিজেপিৰ । নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বঞ্চিত কৰি বিৰোধী কংগ্ৰেছে পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ কুচকাৱাজ কৰাৰ সময়তে বিজেপিয়েও কৰিছে ন ন অংক ।

শেহতীয়াকৈ নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে ন-বিজেপি নেতা সুৰেশ বৰাৰ প্ৰাৰ্থিত্ব চূড়ান্ত হোৱা বুলি ব্যাপক প্ৰচাৰ চলি আছে যদিও এক বিশেষ সূত্ৰে জানিব পৰা মতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱালৈ অপেক্ষা কৰি আছে বিজেপিয়ে ।

: নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব কোন ?

লগতে পঢ়ক :লোকসভা নিৰ্বাচন : সংসদলৈ অসমৰ পৰা নিৰ্বাচিত মহিলা সাংসদ‌

অৰ্থাৎ কংগ্ৰেছে গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ লগে লগে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিলে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ চিন্তা চৰ্চা কৰি আছে । যিহেতু বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ ৮ টা বিধানসভা সমষ্টিৰ নগাঁও, ৰহা, মৰিগাঁও, জাগীৰোড, লাহৰীঘাট সমষ্টি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বেও অন্তৰ্ভুক্ত আছিল নগাঁও লোকসভা সমষ্টিত । যিটো সংসদীয় সমষ্টিৰ বৰ্তমানো সাংসদ হৈ আছে প্ৰদ্যুৎ বৰদলৈ ৷

ইয়াৰ বাহিৰে নতুনকৈ অন্তৰ্ভুক্ত হৈছে কেৱল চামগুৰি, ৰূপহীহাট আৰু ধিং বিধানসভা সমষ্টি । এই তিনিটা বিধানসভা সমষ্টিৰ চামগুৰি আৰু ৰূপহীহাটত যদিও কংগ্ৰেছৰ বিধায়ক আছে তথাপিও এ আই ইউ ডি এফ দলো যথেষ্ট শক্তিশালী সমষ্টি দুটাত । আনফালে ধিং বিধানসভা সমষ্টি বৰ্তমানেও এ আই ইউ ডি এফৰ দুৰ্গ হিচাপে চিহ্নিত হৈ আছে । এনে ক্ষেত্ৰত বিজেপিৰ পৰা প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে সমষ্টি দখলৰ সুযোগ আছে বুলি চিন্তা চৰ্চা কৰি আছে বিজেপিৰ এটা মহলে ।

লগতে পঢ়ক :নিবাৰ্চন আহিল: শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ?

ইপিনে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চিন্তাত পৰিছে বিৰোধী কংগ্ৰেছ শিবিৰো । বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছৰ দুগৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ নেতাৰ বিজেপিলৈ ঢাপলি মেলাৰ পিচতেই প্ৰদ্যুৎ বৰদলৈক লৈ আন এক চিন্তাত পৰিছে কংগ্ৰেছ শিবিৰ । অসম প্ৰদেশ কংগ্ৰেছে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীসহ কেইবাগৰাকী নেতাই পদত্যাগ কৰাৰ পিচত প্ৰদ্যুৎ বৰদলৈয়ে দল এৰি যোৱাটো কোনো কাৰণত বিচৰা নাই কংগ্ৰেছৰ এটা মহলে ।

আনহাতে যোৰহাটৰ বিপৰীতে গৌৰৱ গগৈয়ে সংখ্যালঘু আধিপত্য থকা নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’লে গৌৰৱ গগৈক সংখ্যালঘু নেতা সজাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বুলিও কংগ্ৰেছৰ নিৰ্দিষ্ট এটা মহলে আশংকা কৰা বুলি আন এক সূত্ৰে জানিব পৰা গৈছে । যাৰ বাবে প্ৰচাৰ চলি থকা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ খেল সম্পূৰ্ণ উলট পালট হৈ যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

এনে পৰিপ্ৰেক্ষিতত নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰদ্যুৎ বৰদলৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি দিয়াৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে নগাঁও লোকসভা সমষ্টিৰ বাবে সুৰেশ বৰা বিজেপিৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থী নহয় বুলিও চর্চা চলিছে বিভিন্ন মহলত ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন, ভৱেশ-পৱিত্ৰক গুৰু দায়িত্ব

ABOUT THE AUTHOR

...view details