অসম

assam

ETV Bharat / politics

মনোনয়ন দাখিল বিজেপি আৰু সদ্য বিজেপি ত্যাগী প্ৰাৰ্থীৰ

ধলাইত জয়ন্ত মল্লবৰুৱাক লগত লৈ মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ । মনোনয়ন দাখিল কৰে সদ্য বিজেপি ত্যাগী অমিয়কান্তি দাসেও ।

BJP candidate Niharranjan Das and Independent candidate Amiya Kanti Das file nominations
মনোনয়ন দাখিল বিজেপি আৰু সদ্য বিজেপি ত্যাগী প্ৰাৰ্থীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

শিলচৰ:পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন । আজি অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে । অন্যতম চৰ্চিত সমষ্টি ধলাইতো আজিৰ দিনটোত মনোনয়ন দাখিল কৰে বিজেপি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ।

মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ:

হাজাৰ হাজাৰ দলীয় কৰ্মী আৰু সমৰ্থকক লগত লৈ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে । মনোনয়নপত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী হৰীশ দ্বিবেদী, অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বৰাকৰ দুই সাংসদ পৰিমল শুক্লবৈদ্য আৰু কৃপানাথ মাল্লাসহ বৰাকৰ আটাইকেইজন বিজেপি বিধায়কে । শিলচৰ টাউন ক্লাব খেলপথাৰত এক বিশাল সভা অনুষ্ঠিত কৰি বৃহৎ সমদল কৰি কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ মনোনয়নপত্ৰ দাখিল কৰে নিহাৰৰঞ্জন দাসে । এইবাৰ ধলাই আসনত বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ জয় নিশ্চিত বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

মনোনয়ন দাখিল বিজেপি আৰু সদ্য বিজেপি ত্যাগী প্ৰাৰ্থীৰ (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়,"ধলাইৰ কাৰ্যকৰ্তা, সাধাৰণ ৰাইজ যিধৰণে ওলাই আহিছে তাৰ পৰা বুজা যায় যে আমাৰ দলৰ মাজত উৎসাহ আছে আৰু আমি ৰাইজৰ আৰ্শীবাদ লৈ বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব পাৰিম । আমাৰ দলত প্ৰথমৰে পৰাই এটা কথা শিকোৱা হয় যে প্ৰথম ৰাষ্ট্ৰ, তাৰপিছত দল, তাৰপিছত ব্যক্তি । ব্যক্তিৰ হিচাপ আমি কেতিয়াও নকৰো । গতিকে কোন ব্যক্তিয়ে কি কৰিছে সেয়া আমাৰ হিচাপত নপৰে ।"

মনোনয়ন দাখিল বিজেপি ত্যাগী অমিয়কান্তি দাসৰ:

বিজেপি প্ৰাৰ্থীগৰাকীৰ সমান্তৰালকৈ টিকট নোপোৱাৰ ক্ষোভত সদ্য বিজেপি ত্যাগী অমিয়কান্তি দাসেও আজি দাখিল কৰে মনোনয়ন পত্ৰ । কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰা অমিয়কান্তি দাসে বিজেপিৰ টিকট নাপাই ক্ষোভত দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে মনোনয়নপত্ৰ । নিজা সমৰ্থকৰ লগত জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰি দাসে কয়,"ধলাইৰ ৰাইজে বিচাৰিছে, সেইবাবেই নিৰ্দলীয় প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিছো । জয়ক লৈ ১০০% আশাবাদী ।"

লগতে পঢ়ক:উপ-নিৰ্বাচনত বিজয়ী হোৱাৰ মানসেৰে মনোনয়ন পত্ৰ দাখিল ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ

আভ্যন্তৰীণ কন্দলে বিপাঙত পেলাব নেকি কংগ্ৰেছক ?

ABOUT THE AUTHOR

...view details