অসম

assam

ETV Bharat / politics

চামগুৰিত ২৩ বছৰীয়া এটা অধ্যায় শেষ: ৰকিবুলৰ অভেদ্য দুৰ্গত বিজেপিৰ বিজয়ধ্বজা - ASSEMBLY ELECTION 2024

চামগুৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয় । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিলে ৮১, ১৬০ টা ভোট ।

Samaguri By Election
বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ত সমৰ্থকৰ আনন্দ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 6:17 PM IST

Updated : Nov 23, 2024, 8:04 PM IST

নগাঁও: একেৰাহে ২৩ বছৰ কংগ্ৰেছৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টিত বিজেপিয়ে হানিলে মোক্ষম আঘাত । এইবাৰ উপ-নিৰ্বাচনত নিৰ্বাচনী হিংসাক লৈ সৰ্বাধিক চৰ্চিত সমষ্টিটোত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ফুলিল পদুম । আজি নিৰ্বাচনী ফলাফল ঘোষণাৰ লগে লগে গেৰুৱাময় হৈ পৰিল চামগুৰি ।

বহু চেষ্টা চলায়ো পুত্ৰক বিজয়ী কৰাব নোৱাৰিলে পাঁচটাকৈ কাৰ্যকালৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ উপৰি ধুবুৰী লোকসভা সমষ্টিৰ পৰা দেশৰ ভিতৰতেই ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনে ।

বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ত সমৰ্থকৰ আনন্দ (ETV Bharat Assam)

কংগ্ৰেছৰ জ্য়েষ্ঠ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উপ-নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হোৱাৰ পিছতেই বিজেপিয়ে যুৱ নেতা দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থী হিচাপে থিয় কৰাই আৰম্ভ কৰে অভিযান ।

দিপ্লুৰঞ্জন শৰ্মাই লাভ কৰিলে ৮১, ১৬০ টা ভোট

চামগুৰিৰ উপ-নিৰ্বাচনত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই । ২৪ হাজাৰ ৪২৩ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাজিত কৰি চামগুৰিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা । সমষ্টিটোৰ পৰা বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই ৮১, ১৬০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ তানজিল হুছেইনে লাভ কৰে ৫৬,৭৩৭ টা ভোট । জয়লাভ কৰাৰ পিছতেই দিপ্লুৰঞ্জন শৰ্মাক লৈ দলীয় নেতা-কৰ্মীসকলে উলিয়ালে বিজয় সমদল ।

এই বিজয়ৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিপ্লুৰঞ্জন শৰ্মাই কয়," চামগুৰিৰ ৰাইজে ৰকিবুলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে আৰু বিজেপিৰ উন্নয়নমূলক আঁচনিৰ পক্ষত ভোটদান কৰিলে ।" দীৰ্ঘদিনে ৰকিবুল হুছেইনৰ দখলত থকা সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰথমে চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে দিপ্লুৰঞ্জন শৰ্মাই । বিজয়ী প্ৰাৰ্থীগৰাকীয়ে অগপ- বিজেপিৰ নেতা-কৰ্মীকো ধন্যবাদ জ্ঞাপন কৰে ।

নৱম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কেইবাহাজাৰ ভোটত অগ্ৰগতি লাভ কৰাৰ পাছতেই বিজেপিৰ কৰ্মী-সমৰ্থকসকল উৎফুল্লিত হৈ নগাঁও চহৰত ফটকা আতচবাজিৰে বিজয় উল্লাহ আৰম্ভ কৰিছিল ।

লগতে পঢ়ক:এতিয়া ফলাফলৰ সময়, দিপ্লুৰঞ্জনে ভেদিব পাৰিবনে ৰকিবুলৰ অভেদ্য দুৰ্গ?

দিপ্লুৰঞ্জন নে তানজিলৰ হাতলৈ আহিব চামগুৰি বিধানসভা সমষ্টিৰ বাঘজৰীডাল

Last Updated : Nov 23, 2024, 8:04 PM IST

ABOUT THE AUTHOR

...view details