অসম

assam

ETV Bharat / politics

গৌৰৱ গগৈয়ে ৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছক: বিহালীত জিকিল দিগন্ত ঘাটোৱাল - ASSEMBLY ELECTION 2024

বিহালীত বিজেপিৰ দিগন্ত ঘাটোৱালে ৫০,৯৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰাই ৪১,৮৯৬ টা ভোটহে পালে ।

Behali Assembly constituency
বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ বিজয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 5:00 PM IST

বিশ্বনাথ:সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিহালীত বিজয়ৰ শেষ হাঁহিটি মাৰিলে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে । ৭৭ নং বিহালী বিধানসভা সমষ্টিত সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ মাৰাথন প্ৰচাৰেও শেষৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছৰ । এই সমষ্টিটোত পদুম ফুলাৰ লগে লগে গেৰুৱা দলটোৰ নেতা-সমৰ্থকসকলে বিজয়ত আত্মহাৰা হৈ পৰে ।

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গগনা ১৩ ৰাউণ্ডত সমাপ্ত হোৱাৰ লগে লগে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে দৰ্পচূৰ্ণ কৰিলে কংগ্ৰেছৰ । বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯,০৫১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে মুঠ ৫০,৯৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই ৪১,৮৯৬ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় । আনহাতে,চি পি আই (এমএল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে ৫,৯৪৭ টা আৰু আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ১,২১৭টা ভোট লাভ কৰে ।

বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ বিজয় (ETV Bharat Assam)

ইফালে,ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ নেতা-কৰ্মী আৰু সমৰ্থকে হৰ্ষোল্লাসেৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা বিজয়ী প্ৰাৰ্থী দিগন্ত ঘাটোৱালক আদৰি আনে । নেতা-কৰ্মী আৰু সমৰ্থকে সাংসদ ৰঞ্জিত দত্ত প্ৰমুখ্যে দলীয় নেতৃবৰ্গক লগত লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ সমদল কৰে । এই সমদলত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু সংসদ ৰঞ্জিত দত্তই ঝুমুৰৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈ পৰে ।

এয়া সমষ্টিৰ ৰাইজৰ জয়

ইফালে,বিজয়ী প্ৰাৰ্থী দিগন্ত ঘাটোৱালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "এয়া সমষ্টিৰ ৰাইজৰ জয় । লগতে দলৰ জয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জয় ।" ঘটোৱালে পুনৰ কয়," মই সমষ্টিৰ পিছপৰা অঞ্চলৰ পথসমূহৰ কাম প্ৰথমে কৰাৰ লগতে স্থানীয় ৰাইজৰ যি সমস্যা সেয়া সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰিম আৰু বিধানসভাৰ মজিয়াত বিহালীৰ গৰাখহনীয়া যি স্থানীয় লোকৰ প্ৰধান সমস্যা হিচাবে বিবেচিত হৈছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিম ।"

তেওঁ কয়," কংগ্ৰেছৰ দিনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা নকৰিলে । চাহ বাগিচাৰ মজুৰি বৃদ্ধিৰ লগতে বাগিচাৰ ভিতৰুৱা অঞ্চলৰ সমস্যাসমূহ সদনৰ মজিয়াত উত্থাপন নকৰিলে । চাহ শ্ৰমিকৰ মজুৰীৰ বিষয়ে গুৰুত্ব দিবলগীয়া আছে । কাৰণ বিজেপিৰ দিনতে চাহ বাগিচাৰ শ্ৰমিকৰ বিষয়ে চিন্তা কৰা হৈছে । গতিকে আৰু অধিক উন্নয়নৰ বাবে গুৰুত্ব দিব লাগিব ।" এই বিজয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তৰ কষ্ট আৰু ত্যাগৰ জয় বুলি উল্লেখ কৰে ঘাটোৱালে ।

ভোট গগনাৰ অন্তিম ৰাউণ্ডত বিজেপি দলে ৩১৭২ টা,কংগ্ৰেছে ২৬১৫ টা, চি পি আই (এমএল) দলে ১৪৭ টা আৰু আপে ৬৬ টা ভোট লাভ কৰে । আনহাতে,নোটাত পৰে ১০৬ টা ভোট । তদুপৰি পোষ্টেল ভোট গণনাত বিজেপিয়ে ৮৬টা,কংগ্ৰেছে ৯১টা, চি পি আই (এমএল) দলে ৭টা,আপে ৮টা ,নোটাত ২টা আৰু ১৯টা ভোট নাকচ হয় ।

উল্লেখ্য় যে বিহালীৰ উপ-নিৰ্বাচনত মুঠ ১লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী ভোটাৰৰ ভিতৰত ১ লাখ ৪ ৭৬ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে পুৰুষ ভোটাৰ ৪৮ হাজাৰ ৭৭৬ জন আৰু মহিলা ভোটাৰৰ সংখ্যা আছিল ৫১ হাজাৰ ৭০০ গৰাকী ।

সামাজিক মাধ্য়মত সৰৱ জয়ন্ত মল্লবৰুৱা-পীযুষ হাজৰীকা

৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত দিগন্ত ঘাটোৱালে জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত গৌৰৱ গগৈক সমালোচনাৰে থকা-সৰকা কৰিলে দুই মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাই ৷

সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দিয়া এটা পোষ্টত কয়,“ আগেয়ে কোৱাৰ দৰে আজি পুনৰবাৰ কৈছো গৌৰৱ গগৈ কাগজৰ বাঘ ৷ নীলা তেজৰ ৰাজনীতিৰ পৰিৱৰ্তে শ্ৰমিকৰ ঘামক উচিত সন্মান দিলে বিহালীৰ জনতাই ৷ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এটা বিধানসভা সমষ্টিৰ দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে । তেওঁৰ পাৰদৰ্শিতাৰ ৰিপ’ৰ্টকাৰ্ড ইতিমধ্যে ৰাইজে পঢ়িলে ৷ কথাই কথাই যোৰহাটৰ উদাহৰণ দিয়াসকলৰ বাবেও এয়া সমুচিত প্ৰত্যুত্তৰ ৷”

ইপিনে, বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ জয়ী হোৱাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে বিহালী বিধানসভা সমষ্টিত তিনি সপ্তাহতকৈও অধিক সময় উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰি তেওঁলোকৰ দলৰ ওপৰত বিশ্বাস ৰখাৰ বাবে বিহালীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কয়, “ বিজেপি দলক ৰোধ কৰিবলৈ কংগ্ৰেছ দলে সকলোপ্ৰকাৰৰ নিকৃষ্ট কৌশল অৱলম্বন কৰিলে,ভুৱা বাতৰি প্ৰচাৰ কৰিলে, দলীয় কৰ্মীৰ পৰা ধন আদায় কৰি তেওঁলোকৰ দলৰ নেতাই এমাহ সমষ্টিটোত বাহৰ পাতি প্ৰচাৰ চলালে । সদৌ শেষত কংগ্ৰেছ দলৰ এই সকলো নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনহিতৈষী নীতিৰ জয়লাভ হ'ল ।”

দিগন্ত ঘটোৱালৰ ৰাজনৈতিক পৰিক্ৰমা:

দিগন্ত ঘটোৱালৰ ঘৰ বিশ্বনাথ জিলাৰ চাহ প্রতাপগড়ৰ চাহ বাগিচাত । বিগত ২০০৬ চনৰ ২৯ জানুৱাৰীত বিজেপিত যোগদান কৰি একে বছৰতে বিশ্বনাথ সমষ্টিত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক নুৰজামাল সৰকাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল । পৰৱৰ্তী সময়ত ২০০৬-২০০৭ বৰ্ষত বিজেপিৰ চাহ কোষৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে ।

ইয়াৰ পিছত ২০১১ চনত পুনৰ বিশ্বনাথ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । সম্প্ৰতি বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি হিচাবে দায়িত্ব পালন কৰি আহিছে । এইবাৰ ঘাটোৱালে বিহালী সমষ্টিৰ পৰা এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । বিগত ২০০৬ আৰু ২০১১ চনত দুটাকৈ নিৰ্বাচনত বিজেপি দলৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱা ঘটোৱাল এইবাৰ একেটা দলৰ পৰা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় ।

লগতে পঢ়ক:মুখথেকেচা খালে গৌৰৱ গগৈয়ে, বিৰোধী ঐক্য বিঘ্নিত কৰিও বিহালীত জয়ী হ'ব নোৱাৰিলে কংগ্ৰেছ

কাৰ দখলত বিহালীৰ ৰাজপাট ? আজি হ'ব নিৰ্ণয়

ABOUT THE AUTHOR

...view details