নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী:কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি অ'বিচি মৰ্চা । ওড়িশাৰ এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অ'বিচি সমাজৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল । ইয়াৰ পিচতেই বিজেপি অ'বিচি মৰ্চাই ৰাজ্য়জুৰি সাব্য়স্ত কৰিছে প্ৰতিবাদ । তেজপুৰ,ঢকুৱাখনাৰ লগতে ডিব্ৰুগড়তো বিজেপি অ'বিচি মৰ্চাই ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ গণভেটি শক্তিশালী কৰাৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে ন্যায় জোড়ো যাত্ৰা । কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত ন্যায় জোড়ো যাত্ৰা কৰিলেও অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ সৃষ্টি হৈছে বিতৰ্ক । এই ন্যায় যাত্ৰা চলি থকাৰ মাজতে ডিব্ৰুগড়ত জ্বলিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতিকৃতি । প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা বি জে পিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে ৰাহুল গান্ধীৰ প্ৰতিকৃতি । ডিব্ৰুগড় জিলা বিজেপি অ'বিচি মৰ্চাই চৌকিডিঙ্গি চাৰিআলিত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।