পাটনা : পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱক হত্যাৰ ভাবুকি ৷ দুটাকৈ গেঙে ভাবুকি প্ৰদান কৰিছে পাপ্পু যাদৱক ৷ সাংসদগৰাকীক ভাবুকি দিয়াৰ পাছতে বিহাৰ আৰক্ষীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সাংসদগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ ক্ষেত্ৰত পোহৰলৈ আহিছে লৰেন্স বিষ্ণৈ গেংকে ধৰি দুটা গেঙৰ নাম । এই ভাবুকি লাভ কৰাৰ পাছতে ডিজিপিৰ ওচৰত অভিযোগ দাখিল কৰিছে পাপ্পু যাদৱে । ইয়াৰ সমান্তৰালকৈ পূৰ্ণিয়া ৰেঞ্জৰ আই জিক এই বিষয়ে অৱগত কৰা হৈছে ।
এই বিষয়ত সাংসদ পাপ্পু যাদৱে কয় যে তেওঁক লৰেন্সৰ নাম লৈ ভাবুকি দিয়া হৈছে । এই সন্দৰ্ভত বিহাৰৰ ডিজিপি আৰু আইজিক অভিযোগ উত্থাপন কৰা হৈছে । গৃহমন্ত্ৰী অমিত শ্বাহকো এই বিষয়ে ব্যক্ত কৰা বুলি তেওঁ জনায় ৷ এনে ভাবুকিয়ে আঘাত দিয়া বুলি উল্লেখ কৰি সাংসদ যাদৱে কয় যে যিকোনো অপ্ৰীতিকৰ ঘটনা তেওঁ লগত ঘটিব পাৰে । চৰকাৰে তেওঁৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন ।
"লৰেন্সৰ নামত মোক ভাবুকি দিয়া হৈছে । এই সন্দৰ্ভত বিহাৰৰ ডিজিপি আৰু আইজিৰ ওচৰত এজাহাৰ দাখিল কৰিছো । গৃহমন্ত্ৰী অমিত শ্বাহকো মোৰ মতামত ব্যক্ত কৰিছো । ধাৰাবাহিক ভাবুকি লাভ কৰাত মই আঘাত পাইছো । যিকোনো অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে গতিকে চৰকাৰে মোৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন ।" ৰাজেশ ৰঞ্জন ওৰফে পাপ্পু যাদৱে কয় ৷