অসম

assam

ETV Bharat / politics

সম্ভাৱনা আৰু ধাৰণাৰ ভিত্তিত বিহালীক ভূমিকম্পৰ নাভি কেন্দ্ৰ বনাব নালাগে : কিয় ক'লে ভূপেন বৰাই ?

Behali Assembly constituency : বিহালী বিধানসভা সমষ্টিত কোন হ'ব অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী ? স্পষ্ট হোৱা নাই ছবি ।

By ETV Bharat Assamese Team

Published : 7 hours ago

Bhupen Bora remarks on Opposition Unity candidate
অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য় (ETV Bharat Assam)

গুৱাহাটী :সম্ভাৱনাৰ ওপৰত কোনেও যাতে কোনো ধৰণৰ মতামত নিদিয়ে । এই আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ (অসম) সভাপতি ভূপেন বৰাৰ। বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কংগ্ৰেছৰ লগতে বিৰোধী নেতাসকলক এই আহ্বান জনায় ।

অনুমানৰ ভিত্তিত কথা কোৱাটো ভাল নহ'ব

এই সন্দৰ্ভত ভূপেন বৰাই কয়,"আমাৰ দলৰ সকলো নেতাই জিতেন্দ্ৰ সিঙৰ আগত মন খুলি নিজৰ যুক্তিখিনি ৰাখিছে । আনহাতে, অসম সন্মিলিত মৰ্চাৰ পাঁচজনীয়া সমিতিয়ে দিয়া ৰিপ'ৰ্ট মই এ আই চি চি লৈ প্ৰেৰণ কৰিছো । আমি সকলোৱে এ আই চি চিৰ সিদ্ধান্ত মানি ল'ম বুলি কৈছিলো । যেতিয়ালৈকে এ আই চি চিয়ে চূড়ান্ত সিদ্ধান্ত নিদিয়ে তেতিয়ালৈকে আমি সম্ভাৱনা আৰু অনুমানৰ ভিত্তিত কথা কোৱাটো ভাল নহ'ব ।"

অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য় (ETV Bharat Assam)

মত বেলেগ হোৱাটো অপৰাধ হ'ব নোৱাৰে

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়," মোৰ বিশ্বাস যে আজি সন্ধিয়ালৈ আমি সিদ্ধান্ত পাম । দলে লোৱা সিদ্ধান্ত আমি দলৰ সকলো নিষ্ঠাবান কৰ্মীয়ে মানি ল'ব লাগে । গণতান্ত্রিক প্ৰক্ৰিয়া এটাত মত পাৰ্থক্য হ'ব পাৰে । মত বেলেগ হোৱা আৰু মন বেলেগ দুয়োটা বেলেগ কথা । আমি কংগ্ৰেছী হিচাপে আমাৰ মন এটাই যে আমি বিজেপিক হৰুৱাব লাগে । অসম সন্মিলিত মৰ্চাৰো মন এটাই যে বিজেপিক প্ৰতিহত কৰিব লাগে । মত বেলেগ হোৱাটো অপৰাধ হ'ব নোৱাৰে । সকলোৰে মতামত লৈ এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ বাবেই আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহিছিল । মোৰ জিতেন্দ্ৰ সিঙৰ ওপৰত বিশ্বাস আছে ।"

যদি নাইবা কিন্তুৰ কথা পাতিব বিচৰা নাই

ভূপেন বৰাই লগতে কয়,"আমি এতিয়া যদি নাইবা কিন্তুৰ কথা পাতিব বিচৰা নাই । তাৰ বাবে সময় আছে । সম্ভাৱনা আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি বিহালীক ভূমিকম্পৰ নাভি কেন্দ্ৰ বনাব নালাগে । এ আই চি চিৰ সিদ্ধান্তৰ পাছত কথা ক'বলৈ সকলোৱে সময় পাব । আজি সভাপতি হিচাপে পাঁচটা সমষ্টিৰ টিকট মোৰ ঘৰত আহি পৰিছে আৰু সেইজন মানুহে চাৰিবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল । মই চাৰিবাৰকৈ টিকটৰ পৰা বঞ্চিত হৈছিলো । কিন্তু তেতিয়া মই ধৈৰ্য ধৰিছিলো । ধৈৰ্য পৰীক্ষাত পাছ কৰা বাবেই আজি মোৰ হাতত টিকট দিছে বিলাবলৈ । এদিন টিকট নোপোৱা মানুহজনে আজি টিকট বিলাইছে । এইটো হৈ থাকে দলত । ভালৰ বাবে কেতিয়াবা বিষ পান কৰিবলগীয়া হয় । ৰাজনীতিতো মিঠা-তিতা খাব লাগিব ।"

লগতে পঢ়ক:উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?

Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল শাসকীয় পক্ষতে নহয় বিৰোধীৰ মাজতো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে ।

ABOUT THE AUTHOR

...view details