অসম

assam

ETV Bharat / politics

দেশৰ গণতন্ত্ৰ এতিয়া সংকটত: লুৰীণজ্যোতি গগৈ - Lok Sabha elections

CM Arvind Kejriwal arrested : নাহৰকটীয়াত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

Assam United Opposition Forum candidate
লুৰিণজ্যোতি গগৈৰ নাহৰকটীয়াত প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:54 PM IST

মৰাণ,২২ মাৰ্চ:আগন্তুক লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ উঠিছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক- বিৰোধী সকলোৱে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নাহৰকটীয়াত অনুষ্ঠিত এক আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ আম আদমি পাৰ্টী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সৰৱ হৈ চৰকাৰক কঠোৰ সমালোচনা কৰে । অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে চিবিআই, ই ডি, এন আই এ সন্দৰ্ভটো মন্তব্য় কৰে ।

জয়পুৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত নাহৰকটীয়াৰ কল্যাণী বিবাহ ভৱনত অনুষ্ঠিত এই আদৰণি অনুষ্ঠানত বিৰোধী ঐক্যমঞ্চৰ ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি সম্বৰ্ধনা জনায় কাৰ্যকৰ্তাসকলে । নাহৰকটীয়াত জয়পুৰ ব্লক কংগ্ৰেছ কমিটীৰ আদৰণি সভাৰ শেষত আম আদমি পাৰ্টী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত গগৈয়ে কয়," দেশৰ গণতন্ত্ৰ এতিয়া সংকটত । চিবি আই হওক, ইডিয়ে হওক, এন আই এই হওক এইবোৰ হ'ল শাসকীয় দলৰ ব্লেক মেইলিঙৰ এক অস্ত্ৰ । যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতাই বা জাতীয় নেতাই গণতান্ত্ৰিক আন্দোলনত তেওঁলোকৰ কথা মতে উঠা বহা নকৰে তেতিয়াই তেওঁলোকক ভয়- ভাবুকি খুৱাই জেললৈ প্ৰেৰণ কৰিবলৈ উঠিপৰি লাগে । "

শাসকীয় বিজেপি দলে চিবি আই হওক, ইডিয়ে হওক, এন আই এ আদিক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বুলি মন্তব্য় কৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । এইদৰে নাহৰকটীয়াত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক:গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে: লুৰীণজ্যোতি গগৈ - LOK SABHA ELECTIONS

ABOUT THE AUTHOR

...view details