তেজপুৰ: সময় লগে লগে ধৰ্মীয় চিন্তাধাৰা-অভিজ্ঞতা বিভিন্ন লোকৰ মাজত বিৰাজমান যদিও শান্তিৰ বাৰ্তা প্ৰেৰণ কৰা আৰু বিশ্বশান্তিৰ বাবে সকলোকে সজাগ কৰি ৰখা পৱিত্ৰ বৌদ্ধ ধৰ্মৰ মঠত অজিও শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ।
এনে এক প্ৰসিদ্ধ বৌদ্ধ ধৰ্মৰ মঠ হৈছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ৩০০ বছৰ পুৰণি ঐতিহাসিক বৌদ্ধ মঠ । ১৬৮০ খ্ৰীষ্টাব্দত এই ঐতিহাসিক বৌদ্ধ মঠ স্থাপন হৈছিল । এই বৌদ্ধ মঠৰ অধীনত ১৭ টা সৰু সৰু বৌদ্ধ মঠ আছে যাৰ বাবে এই টাৱাং বৌদ্ধ মঠ এছিয়াৰ ভিতৰত দ্বিতীয় প্ৰসিদ্ধ বৌদ্ধ মঠ । আজিও ৰঙা চীনৰ শেনচকু এই ঐতিহাসিক বৌদ্ধ মঠৰ ওপৰত ।
বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় দীক্ষা আৰু ধৰ্মীয় শিক্ষনুষ্ঠান আছে ইয়াত । বৌদ্ধ ধৰ্মৰ আদর্শ হৈছে অহিংস নীতিৰ দ্বাৰা পৰিচালিত হোৱা । টাৱাঙৰ এই ঐতিহাসিক বৌদ্ধ মঠত প্ৰৱেশ কৰিলে অনুভৱ কৰিব পাৰি সেই বিষয়ে । টাৱাং মঠৰ ধৰ্মগুৰু আৰু মঠৰ অধীনত থকা এখন বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক থুপতেন শাস্ত্ৰীয়ে ই টিভি ভাৰতক এক বিশেষ সাক্ষাৎকাৰত মঠটোৰ সন্মুখত থকা ১৭ শ শতিকাৰ তিব্বতৰ সামগ্ৰী আৰু ষষ্ঠ দালাই লামাৰ জন্মস্থান উৰ্গেলিং মনেষ্ট্ৰীৰ বিষয়ে জনায় ।
তেওঁ কয়,"১৭ শ শতিকাত টাৱাঙৰ উৰ্গেলিং বৌদ্ধ মঠত ষষ্ঠ দালাই লামাই জন্মগ্ৰহণ কৰিছিল । ১৯ শতিকাৰ বিচ্ছু গামৰ ভৰিৰ চাপ, সোণেৰে লিখা ১৭ শ শতিকাৰ গ্ৰন্থ প্ৰজ্ঞা পৰিমিতা সূত্ৰ সংৰক্ষণ কৰা হৈছে আৰু চীনৰ ১৪ শ শতিকাৰ প্ৰাচীন কালৰ সামগ্ৰী এই সংগ্ৰহালয়ত ৰখা হৈছে ।" তেওঁ লগতে কয়,"১৯৫৭ চনৰ পূৰ্বৰ তিব্বতৰ মুদ্ৰা ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে । চীনে আজিও এই বৌদ্ধ মঠৰ ওপৰত কু-দৃষ্টি ৰাখিছে ।"
ইতিহাস:
পৰৱৰ্তী সময়ত ১৬৮১ চনত পঞ্চম দালাই লামা গাৱাং লবছাং গিয়াটছ’ৰ ইচ্ছা অনুসৰি মেৰা লামা লৰড্ৰে গিয়াটছ’ই পুনৰ প্ৰতিষ্ঠা কৰা টাৱাং মঠটোৰ নামক কেন্দ্ৰ কৰি এক কিংবদন্তী আছে । ‘টা’ মানে ‘ঘোঁৰা’ আৰু ‘ৱাং’ মানে ‘নাল’ ৷ অৰ্থাৎ ঘোঁৰাৰ নাল । গতিকে, টাৱাং শব্দটোৰ অৰ্থ হৈছে ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত । কিংবদন্তী অনুসৰি, মঠটোৱে মেৰা লামা ল'ড্ৰে গ্যাটছ'ৰ মালিকানাধীন ঘোঁৰাটোক বাছি লৈছিল । ষষ্ঠ দালাই লামা ছাংয়াং গিয়াটছ’ৰ জন্ম হৈছিল টাৱাঙত ।
টাৱাং মঠক তিব্বতী ভাষাত গাডেন নামগ্যাল লাট্চে বুলি জনা যায়, যাৰ অনুবাদ হৈছে "সম্পূৰ্ণ বিজয়ৰ ঐশ্বৰিক স্বৰ্গ" । ১৬৮০–১৬৮১ চনত পঞ্চম দালাই লামা লবছাং গিয়াটছ’ৰ ইচ্ছা অনুসৰি ইয়াক প্ৰতিষ্ঠা কৰিছিল মেৰাক লামা ল’ড্ৰে গিয়াটছ’ই । ই বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ গেলুগ বিদ্যালয়ৰ অন্তৰ্গত আৰু লাছাৰ ড্ৰেপুং মঠৰ সৈতে ইয়াৰ ধৰ্মীয় সম্পৰ্ক আছিল । মঠটোৰ আকৃতি তিনি মহলীয়া । ইয়াক ৯২৫ ফুট (২৮২ মিটাৰ) দীঘল চৌহদ বেৰেৰে আগুৰি আছে ।
কমপ্লেক্সটোৰ ভিতৰত ৬৫টা আৱাসিক অট্টালিকা আছে । মঠটোৰ পুথিভঁৰালত মূল্যৱান পুৰণি শাস্ত্ৰ আছে, মূলতঃ কাংগুৰ আৰু টেংগুৰ । উল্লেখযোগ্য যে ১৯৫৯ চনৰ ৫ এপ্ৰিলত টাৱাং বৌদ্ধ মঠ আৰু চৰকাৰী বিষয়াসকলে টাৱাং মঠত বৰ্তমানৰ চতুৰ্দশ দালাই লামাক গ্ৰহণ কৰে ।
দালাই লামা অহাৰ বিৱৰণ:
অসম ৰাইফলছৰ পঞ্চম বাহিনী ১৯৫৮ চনৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত নিয়োজিত হৈ আছিল । ইয়াৰ স্থানসমূহ কামেং সীমান্তৰ চুথাংমু, বুমলা, চুনা আৰু সোৱণশিৰি সীমান্তৰ লংজু এণ্ড টাক্সিংকে ধৰি বৃহৎ অঞ্চললৈ বিস্তৃত আছিল । এই সময়ছোৱাত তিব্বতত বিদ্ৰোহ চলিছিল । ১৯৫৯ চনৰ ১৭ মাৰ্চত পৰিয়ালৰ সৈতে ১৪ সংখ্যক দালাই লামা টেনজিন গ্যাটছ’ই লাছাৰ পৰা পলায়ন কৰে ।
১৯৫৯ চনৰ ২৬ মাৰ্চত দালাই লামাৰ পলায়ন কৰা কাৰাভানখন অৱশেষত লুণ্টচেজত উপস্থিত হয় । যাত্ৰাটোত ভাৰত চৰকাৰ আৰু ইয়াৰ সশস্ত্ৰ বাহিনী বিশেষকৈ পঞ্চম অসম ৰাইফলছ ৰেজিমেণ্টে আগবঢ়োৱা মমতা আৰু সমৰ্থনৰ প্ৰমাণো আছিল চীনা দখলৰ বিৰুদ্ধে । ঐতিহাসিকভাৱে টাৱাং তিব্বতৰ নিয়ন্ত্ৰণত আছিল ।
১৯১৪ চনৰ ছিমলা সন্মিলনৰ সময়ত তিব্বত আৰু ব্ৰিটিছ ভাৰতে অসমৰ হিমালয় অঞ্চলত নিজৰ উমৈহতীয়া সীমা নিৰ্ধাৰণ কৰি চুক্তি স্বাক্ষৰ কৰে, যিটো মেকমোহন লাইন নামেৰে অজিও পৰিচিত । উল্লেখযোগ্য উত্তৰ-পূবৰ ৰাজ্যখনৰ সীমান্ত পশ্চিমে ভূটান, উত্তৰত তিব্বত আৰু দক্ষিণে ম্যানমাৰৰ সৈতে সংযুক্ত । ইয়াৰ লগতে চীনৰ সৈতেও সীমান্ত আছে আৰু ইয়াত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) আছে ।
যিটো প্ৰচণ্ড প্ৰতিদ্বন্দ্বিতামূলক সীমান্তসমূহৰ ভিতৰত অন্যতম । ভাৰতে চীনৰ সৈতে ৩৪৮৮ কিলোমিটাৰ সীমাৰেখা ভাগ কৰে । অৰুণাচল প্ৰদেশ আৰু ছিকিম ৰাজ্যৰ কাষেৰে পূব খণ্ড, লাডাখৰ পশ্চিম খণ্ড, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ মধ্য খণ্ডৰ তিনিটা খণ্ডত বিভক্ত । অৱশ্যে বেইজিঙে এল এ চিক প্ৰায় ২০০০ কিলোমিটাৰ বুলিহে গণ্য কৰে ।