অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / politics

ছেমিকণ্ডাক্টৰ বিতৰ্ক: এইবাৰ ড৹ শৰ্মালৈ প্ৰিয়াংক খাৰ্গেৰ এলানি প্ৰশ্ন - Priyank Kharge Controversy

Priyank Kharge question to Assam CM: জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মাজত ছ’চিয়েল মিডিয়াত তৰ্ক-বিতৰ্ক অব্যাহত আছে ৷ মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যমত মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক টাৰ্গেট কৰি এটা পোষ্ট কৰাৰ পাছতেই আজি মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাক এলানি প্ৰশ্ন কৰে ৷

Priyank kharge Question to Assam CM
ছেমিকণ্ডাক্টৰ বিতৰ্ক (ETV Bharat Assam)

গুৱাহাটী, ২ অক্টোবৰ :অসমৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কংগ্ৰেছ আৰু বিজেপিৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীলৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ এলানি প্ৰশ্ন । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰিয়াংক খাৰ্গেই সুধিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আপুনি নিজা নিজা ৰাজ্যৰ স্বাৰ্থ ৰক্ষা কৰাটোক ‘মাষ্টাৰষ্ট্ৰোক’ বুলি গণ্য কৰা হয় আৰু মই যদি কৰ্ণাটকৰ স্বাৰ্থ ৰক্ষা কৰো তেন্তে ইয়াক অসম বিৰোধী বুলি গণ্য কৰা হয় ? হাত মালিচ কৰা কোম্পানী হোৱাৰ পৰিৱৰ্তে অসমক ২, কৰ্ণাটকক ২ আৰু গুজৰাটক ১ টাকৈ ছেমি কণ্ডাক্টৰ প্ৰকল্প দিবলৈ আপোনাৰ প্ৰধানমন্ত্ৰীক কোৱা নাই কিয় ?” সামাজিক মাধ্যমত Xত ড৹ হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিছে অসমৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই ৷

উল্লেখ্য যে, প্ৰিয়াংক খাৰ্গেই যোৱা ২৫ ছেপ্টেম্বৰত মন্তব্য কৰিছিল, "৫ টা ছেমি কণ্ডাক্টৰ ইউনিটৰ ৪ টা গুজৰাটক আৰু ১ টা অসমক কেন্দ্ৰীয় চৰকাৰে দিছে । কিন্তু তাত ছেমি কণ্ডাক্টৰৰ বাবে দক্ষতাৰ পৰিৱেশতন্ত্ৰ ( Ecosystem)নাই । গৱেষণাৰ বাবে পৰিৱেশতন্ত্ৰ নাই । নাই উদ্ভাৱন কৰাৰ পৰিৱেশ । যি ক্ষেত্ৰত কৰ্ণাটকত ৭০% চীপ ডিজাইন কৰাৰ প্ৰতিভাশালী মানুহ আছে । মই বুজি পোৱা নাই যে চৰকাৰে কিয় ৰাজনৈতিক ক্ষমতাৰে অন্য ৰাজ্যলৈ ঠেলি আমাক বঞ্চিত কৰিছে় । এয়া উচিত নহয় ।"

তাৰ পিছতেেই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি দলে প্ৰিয়াংক খাৰ্গে আৰু কংগ্ৰেছৰ বিৰুদ্ধে অসম বিৰোধী বুলি ক্ষোভ উজাৰি কঠোৰ সমালোচনা কৰি আহিছে ৷ আনকি প্ৰকল্পটো নিৰ্মাণ আৰম্ভ হোৱা ঠাই জাগীৰোডতো মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকা আৰু ১০ জন বিজেপি বিধায়কৰ নেতৃত্বত কংগ্ৰেছক অসম বিৰোধী আখ্যা দি বিশাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা টুইট কৰি মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই পুনৰ এবাৰ সামাজিক মাধ্যম Xত আক্ৰমণাত্মক হৈ পৰে কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে আৰু কংগ্ৰেছৰ বিৰুদ্ধে । তাৰেই প্ৰত্যুত্তৰ দি সামাজিক মাধ্যম Xত প্ৰিয়াংক খাৰ্গেই উভতি ধৰি ড৹ হিমন্ত বিশ্ব শৰ্মাক এলানি প্ৰশ্ন উত্থাপন কৰে ৷

অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰিয়াংক খাৰ্গেৰ ক্ষুৰধাৰ প্ৰশ্নসমূহ:

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেই Xত প্ৰশ্ন উত্থাপন কৰি কৈছে, ''কংগ্ৰেছ পাৰ্টি আৰু মোৰ বিষয়ে অপপ্ৰচাৰ কৰাৰ পৰিৱৰ্তে মই ভাবো অসমৰ জনসাধাৰণক এইবোৰৰ উত্তৰ দিব লাগে :

  • নগাঁও সমবায় চেনিকল কিয় বন্ধ কৰা হ’ল ?
  • কিয়, কেইবাখনো চাহ বাগিচা পৰিচালনা কৰা চৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডে নিজৰ ১৫খন বাগিচাৰ ভিতৰত ১২খন বাগিচাই ব্যক্তিগত খণ্ডক লীজত দিছে ?
  • কিয় বন্ধ হ'ল নগাঁও আৰু কাছাৰত কাগজ কল ?
  • অসমৰ ৫৬খন চাহ বাগিচা হয় পুনৰ্গঠন কৰি হয় তেওঁলোকৰ শ্বেয়াৰ হোল্ডিং স্থানান্তৰিত কৰা হৈছে, নহয় কিয় বন্ধ কৰা হৈছে ?
  • প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ ৰাজসাহায্য কিয় পালে ?

অসমত ছেমিকন উদ্যোগে কাম আৰম্ভ কৰাৰ আগতে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কৰ্ণাটকৰ কংগ্ৰেছ নেতাগৰাকীয়ে । লগতে, প্ৰিয়াংক খাৰ্গেই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে, “আমি ইজনে সিজনৰ পৰিৱেশতন্ত্ৰৰ পৰা বহু কথা শিকিব পাৰো । আপোনাৰ ৰাজনৈতিক গুৰুসকলক সন্তুষ্ট কৰা বন্ধ কৰক আৰু ৰাজ্যখনক দক্ষতা প্ৰদান কৰিবলৈ আৰম্ভ কৰক ৷ আপোনাৰ শক্তিৰ ওপৰত ভিত্তি কৰি বিনিয়োগ কৰক যাতে অধিক লোকে কৰ্মসংস্থাপন লাভ কৰে ।”

ইয়াৰ উপৰিও কৰ্ণাটকৰ মন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৈছে, “কৰ্ণাটক চৰকাৰে আপোনাক 'উত্তৰ পূৰ্বাঞ্চলৰ চিলিকন ভেলী' হ’বলৈ কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে মোক জনাওক, মই সহায় কৰিবলৈ পালে সুখী হ’ম ।”

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰিয়াংক খাৰ্গেৰ এই প্ৰশ্নসমূহৰ প্ৰতি কেনে সহাৰি জনাই সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক:প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই কঁপাইছে ৰাজ্য: জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ - Priyank Kharge Controversy

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা - Priyank Kharge Controversy

ABOUT THE AUTHOR

...view details