গুৱাহাটী, 1 এপ্ৰিল: অসমত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ'বলগীয়া দিনকেইটাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰশাসনে । অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' এই তিনিটা দিনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । সেই অনুসৰি ১৯ এপ্ৰিলত ৫ টা লোকসভা সমষ্টিত, ২৬ এপ্ৰিলত ৫ টা আৰু ৭ মে'ত ৪ টা লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে । ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে তিনিওটা দিনৰ বন্ধৰ বাবেই সুকীয়া সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে ।
অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, কাজিৰঙা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধানসভা এলেকাত স্থানীয় বন্ধ হ'ব ।
১০ নং কাজিৰঙা, ১১ নং শোণিতপুৰ, ১৩ নং ডিব্ৰুগড়, ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ বিধানসভা সমষ্টিত ১৯ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনা স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । একেদৰে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৪নং দৰং-ওদালগুৰি, ৬ নং ডিফু, ৭ নং কৰিমগঞ্জ, ৮ নং শিলচৰ লোকসভা আৰু ৯ নং নগাঁও লোকসভা সমষ্টিৰ ভিতৰত থকা সকলো বিধানসভা সমষ্টিত স্থানীয় বন্ধ হ'ব ।