অসম

assam

ETV Bharat / politics

কংগ্ৰেছে অকলেই অৱতীৰ্ণ হ’ব উপ-নিৰ্বাচনত: প্ৰদ্যুৎ বৰদলৈ - MP Pradyut Bordoloi slams Assam CM - MP PRADYUT BORDOLOI SLAMS ASSAM CM

By election in Assam : শীঘ্ৰেই ৰাজ্যৰ 5 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । ইয়াৰ পূৰ্বে অসমৰ বিৰোধী ঐক্যত পৰিলক্ষিত হৈছে মতবিৰোধ ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পাচত এইবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও উপ-নিৰ্বাচন সন্দৰ্ভত আগবঢ়ালে মতামত ৷ সমান্তৰালভাৱে বেবেৰিবাং, অসংলগ্ন বক্তব্য আগবঢ়োৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ৷

assam congress to fight the by elections alone says MP Pradyut Bordoloi
কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 1:10 PM IST

Updated : Jul 20, 2024, 4:07 PM IST

নগাঁও, 20 জুলাই :স্পষ্ট হৈ পৰিল ৰাজ্যৰ বিৰোধী ঐক্যত অনৈক্য ! ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ব্যস্ত ৰাজ্যৰ ৰাজনৈতিক দলৰ নেতাসকল । শুকুৰবাৰৰ দিনটোত আগন্তক পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত নগাঁৱত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ।

কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্যৰ নেতৃত্বত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছতেই হ'বলগীয়া পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্য নথকাৰ স্পষ্ট ইংগিত পোৱা গ’ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যত । ইয়াৰ পূৰ্বে এই সন্দৰ্ভত স্পষ্ট ইংগিত দিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

ৰাজ্যত কংগ্ৰেছৰ গণভিত্তি থকা বুলি দাবী কৰি আগন্তক উপ-নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলে অকলেই নিৰ্বাচন খেলাৰ কথা স্পষ্ট কৰিছে নগাঁৱৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে । অৱশ্যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত পুনৰ আঞ্চলিক দলসমূহৰ সৈতে আলোচনা কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, দুদিন পূৰ্বে ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠকত হোৱা আলোচনাৰ সকলো খবৰ লাভ কৰা বুলি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত দাবী কৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰে বিজেপিৰ বিৰুদ্ধে অনা এক প্ৰস্তাৱকলৈও সৰৱ হৈছিল মুখ্যমন্ত্ৰীগৰাকী ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা এই বক্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেবেৰিবাং বহু কথাই কয় ৷ বহুসময়ত মুখ্যমন্ত্ৰীয়ে অসংলগ্ন কথাও কয় । তেওঁ কি কথা ক’লে মই নাজানো ৷ কিন্তু বৈঠকত এনেকুৱা ধৰণৰ কোনো কথাৰ আলোচনা হোৱা নাই ৷"

মুঠৰ ওপৰত অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত যে বিৰোধী ঐক্য নাথাকিব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যত ।

লগতে পঢ়ক:কংগ্ৰেছক চকী গতাই দিম বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ? - CM Himanta slams Congress

পৱন সিং ঘাটোৱাৰৰ দৰে শক্তিশালী নেতা এজনক কংগ্ৰেছে অপমান কৰিলে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

Last Updated : Jul 20, 2024, 4:07 PM IST

ABOUT THE AUTHOR

...view details