অসম

assam

ETV Bharat / politics

ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ - Ram Mandir consecration

Rahul Gandhi to visit Batadrava Satra: কংগ্ৰেছে ঘোষণা কৰা মতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত থকা বটদ্ৰৱা সত্ৰ ভ্ৰমণ কৰিব । অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত এই কাৰ্যসূচী এৰাই চলিবলৈ ৰাহুল গান্ধীক আহ্বান জনায় । সংবাদমেলযোগে আন কেইবাটাও বিষয়ত মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Assam CM Appeal to Rahul Gandhi
ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 2:27 PM IST

Updated : Jan 23, 2024, 10:18 AM IST

ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২১ জানুৱাৰী :"ৰাম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাজত প্ৰতিযোগিতা নাপাতিব, সেইদিনা ৪ বজাৰ পিছত দৰ্শন কৰক বটদ্ৰৱা সত্ৰ", "মোৰ সন্তানকো ভয় কৰে ৰাহুল গান্ধীয়ে, ৰাহুল গান্ধী আৰু মোৰ ষ্টেণ্ডাৰ্ড এতিয়া একেই..."- অসমত ৮ দিনীয়া কাৰ্যসূচীৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীৰ প্ৰতি এই মন্তব্য আৰু অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

অসম ভ্ৰমণৰত ৰাহুল গান্ধী শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিক লৈ সৰৱ হৈ আছে ৷ লগতে ২২ জানুৱাৰীৰ দিনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়তে ৰাহুল গান্ধীয়ে দৰ্শন কৰিব অসমীয়া সমাজ ব্যৱস্থাৰ দিক্ দৰ্শক মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত থকা বটদ্ৰৱা সত্ৰ ৷ সেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই মন্তব্য আৰু আহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ৰাজধানী দিশপুৰত দেওবাৰে সংবাদেমলত এই মন্তব্য কৰে ড৹ শৰ্মাই ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনা অৰ্থাৎ ২২ জানুৱাৰীত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ ৰোড মেপ আৰু কাৰ্যসূচীক লৈ প্ৰশ্ন তুলিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন- ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই ৰাহুল গান্ধীয়ে কিয় মৰিগাঁও, জাগীৰোড, ধিং, নেলী আদি অঞ্চল নিৰ্বাচন কৰিলে নিজৰ ৰোড মেপত ? মুখ্যমন্ত্ৰীৰ মতে আইন-শৃংখলাৰ প্ৰশ্ন আছে এই অঞ্চলসমূহত ।

বিশেষকৈ ২২ জানুৱাৰীৰ দিনটোত এই অঞ্চলসমূহ স্পৰ্শকাতৰ হৈ থাকিব ৷ এই অঞ্চল সমূহত ৬০ শতাংশ মুছলমান আৰু ৪০ শতাংশ হিন্দুৰ বসতি প্ৰধান ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ প্ৰতি এই ৰোড মেপ এৰাই চলিবলৈ আহ্বান জনাইছে ৷ সংবাদমেলত লগতে তেওঁ জনায় যে আইন-শৃংখলা ৰক্ষাৰ বাবে এই ঠাইসমূহত ৰাজপথত কাইলৈ কমাণ্ডো বাহিনী নিয়োগ কৰিব ৷ তেওঁ আশা প্ৰকাশ কৰে যে দিনটো ভালদৰেই পাৰ হ'ব ৷ লগতে তেওঁ ৰাহুল গান্ধীৰ কাইলৈ আগবেলা মহাপুৰষ শংকৰদেৱৰ জন্মস্থান ভ্ৰমণক লৈ মন্তব্য কৰি কয় যে ৰাম আৰু শংকৰদেৱৰ মাজত আমি প্ৰতিযোগিতা কৰি দিছো ৷ যিটো উচিত নহয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাহুল গান্ধীয়ে আগতে মোলৈ ভয় কৰিছিল, আজিকালি মোৰ ল'ৰা-ছোৱালীলৈয়ো ভয় কৰে ৷ তেওঁলোকে ভাৱে মই আজিকালি ডাঙৰ হৈ গ'লো ৷ গান্ধী পৰিয়াল ক'ত আৰু মই ক'ত ? মোৰ জীৱনৰ এটা সময় আছিল, গান্ধী পৰিয়ালৰ সাক্ষাৎ পাবলৈ এসপ্তাহ পৰ্যন্ত আমি কেম্প পাতিবলগীয়া হৈছিল । এতিয়া আমি একেটা ষ্টেণ্ডাৰ্ডৰ হ'লো ৷ তেওঁ মোৰ কথাৰ উত্তৰ দিয়ে যেতিয়া, এয়া মোৰ বিজয় ৷ মোক ফ্ৰী পাব্লিচিটি দিয়াৰ বাবে ধন্যবাদ" ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকী পত্নীৰ বৃহৎ ভূমি কেলেংকাৰী আৰু পুত্ৰৰ কোম্পানীৰ সংখ্যা আৰু সম্পতিক লৈ অসম ভ্ৰমণত কঠোৰ সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ৷ ৰাহুলে দেশৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিছে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ তাৰেই যেন প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীজনে ৷

লগতে পঢ়ক :স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

Last Updated : Jan 23, 2024, 10:18 AM IST

ABOUT THE AUTHOR

...view details