ঝাৰখণ্ড (ৰাচী) : সমুখত উপ-নিৰ্বাচন ৷ বাদপৰি ৰোৱা নাই কোনো ৰাজনৈতিক দল-সংগঠন কিম্বা ৰাজনৈতিক নেতাও ৷ সকলো দলেই এতিয়া নিজ নিজ সমষ্টিত বজাইছে ৰণদুন্দুভি ৷ অসমৰ ৫টা বিধানসভা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ উঠি-পৰি লাগিছে ।
বিশেষকৈ দিল্লীমুখী হোৱা পিচতো ৰকিবুল হুছেইন নামি পৰিছে এই যুঁজত ৷ কিয়নো তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইন চামগুৰি সমষ্টিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কেবাখনো সভাত সাংসদ হুছেইনে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে বাদ পৰি ৰোৱা নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ বিশ্বই একালৰ নলে-লগে লগা বন্ধুৰ কটু বাক্যৰ প্ৰত্যুত্তৰ দিবলৈয়ো ৷
বৃহস্পতিবাৰে ৰকিবুল হুছেইনক নিমকি গুণ্ডা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল কটাক্ষ ৷ এই কটাক্ষৰ প্ৰত্যুত্তৰত শুকুৰবাৰে ৰকিবুল হুছেইনে কৰিলে আৰু বহু বিস্ফোৰক মন্তব্য । আনকি সাংসদ হুছেইনে হিমন্ত বিশ্ব শৰ্মাক উগ্ৰপন্থী বুলিও মন্তব্য কৰে ।
বৰ্তমানৰ সাংসদ তথা একালৰ পৰম বন্ধুৰ এই বাক্যবাণে আঘাত কৰে ড৹ শৰ্মাক ৷ শুকুৰবাৰে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উগ্ৰপন্থী বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ।