অসম

assam

ETV Bharat / politics

চামগুৰি উপ-নিৰ্বাচনত কোন কোন প্ৰাৰ্থীৰ বাতিল হ'ল মনোনয়ন ?

Assam By Election: ৰাজ্যৰ উপ নিৰ্বাচনৰ চৰ্চাৰ শীৰ্ষত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন । কি কাৰণে হৈছে এনে চৰ্চা ?

Assam By Election
চামগুৰি বিধানসভা সমষ্টি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

নগাঁও:ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ চামগুৰি, বঙাইগাঁও, ধলাই আৰু বিহালী সমষ্টিৰ উপ-নিৰ্বাচন বিশেষ কিছু কাৰণত চৰ্চাৰ শীৰ্ষত আছে । চামগুৰি সমষ্টিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু বিহালী সমষ্টিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গৌৰৱ গগৈ । ধলাইত সৌ সিদিনা বিজেপিৰ টিকট বঞ্চিত অমিয় কান্তি দাসে নিৰ্দলীয়ভাৱে মনোনয়ন দাখিল কৰিও মুখ্যমন্ত্ৰীৰ অনুৰোধত মনোনয়ন প্ৰত্যাহাৰ কৰিছে ৷ কিন্তু এই সমষ্টি কেইটা কিয় সৰ্বাধিক চৰ্চাত আছে, সেই বিষয়ে জানো আহক-

  • পৰিয়ালকেন্দ্ৰিক ৰাজনীতি

দীর্ঘসময় অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ দখলত থকা বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত চৌধুৰীৰ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি ব্যাপক চৰ্চা চলিছে । একেদৰে 2001 চনৰ পৰাই ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰি অহা চামগুৰি বিধানসভা সমষ্টিৰ পৰাও কংগ্ৰেছ দলে তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাত চামগুৰি সমষ্টিটোও সম্প্ৰতি চৰ্চিত হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ ।

কিন্তু বিহালী সমষ্টিত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ একমাত্ৰ গৌৰৱ গগৈৰ সমৰ্থন লাভ কৰি বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত জয়ন্ত বৰাই কংগ্ৰেছৰ টিকট লাভ কৰাৰ পাছৰ পৰাই ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে এই সমষ্টিটোক লৈ । কিন্তু আজিৰ দিনটোত যেন চৰ্চাৰ শীৰ্ষত আছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে প্ৰতিদ্বন্দিতা আগবঢ়োৱা চামগুৰি সমষ্টি ।

  • ৩ জন প্ৰাৰ্থীৰ মনোনয়ন নাকচ

এসময়ত ৰকিবুল হুছেইনৰ পিতৃ আৰু পৰৱৰ্তী সময়ত প্ৰায় ২৩ টা বছৰ ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টি এইবাৰ শাসকীয় দল বিজেপিয়ে দখল কৰিবলৈ অব্যাহত ৰখা সৰ্বতোপ্ৰকাৰ চেষ্টাই চৰ্চালৈ আনিছে উপ-নিৰ্বাচন । চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বিজয়ৰ স্বাৰ্থতেই হওক বা আন কোনো গোপন কাৰণতেই হওক এ আই ইউ ডি এফ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা ইতিমধ্যেই দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে ঘোষণা কৰাৰ পাছত সমষ্টিটোৰ পৰা মুঠ ১৪ গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন । কিন্তু মনোনয়ন পৰীক্ষাৰ অন্তত চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনৰ ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱাৰ বিপৰীতে ৩ জন প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে ।

মনোনয়ন বৈধ হোৱা প্ৰাৰ্থীসকল হৈছে বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তাঞ্জিল হুছেইন, আপৰ নুৰুল আমিন চৌধুৰী, ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) আব্দুছ চবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বসাক, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হক, নিৰ্দলীয় ক্ৰমে আব্দুল মজিদ, জেহিৰুল ইছলাম, ফাতেমা খাতুন, মোছাবিৰ আলি আহমেদ আৰু শশী তাতী ।

আনহাতে, চামগুৰি বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ বছিৰ উদ্দিন আহমেদ, নিৰ্দলীয় আশা বেগম আৰু মাইনুল ইছলামৰ মনোনয়ন পৰীক্ষাৰ অন্তত নাকচ কৰা হয় ।

লগতে পঢ়ক:ক'মেও ৩০ হেজাৰৰো বেছি ভোটৰ ব্য়ৱধানত জিকিব দীপ্তিময়ী চৌধুৰী: দাবী ৰণজিৎ দাসৰ

বঙাইগাঁৱত এইবাৰ অগপই ভয় খাইছে: ব্ৰজেনজিৎ সিংহ

ABOUT THE AUTHOR

...view details