অসম

assam

ধৰ্ষণকাৰীক বাঘৰ সন্মুখত এৰি দি কংকালবোৰ পুলিচক গতাই দিব লাগে: ভৱেশ কলিতা - Bhabesh Kalita

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 10:47 PM IST

Bhabesh Kalita about punishment for rape: ধৰ্ষণকাৰীক প্ৰথমে চিৰিয়াখানাৰ বাঘৰ সন্মুখত এৰি দিব লাগে ৷ তাৰ পিচত কংকালটো পুলিচক গতাই দিব লাগে ৷ এই মন্তব্য ভৱেশ কলিতাই ৷ কলিতাৰ মতে নাৰীজনিত অপৰাধসমূহ উদ্দেশ্যপ্ৰণোদিতভাৱে কৰি থকা হৈছে আৰু সেই কাৰ্যক একাংশই উদগনি যোগাই আছে ৷

Bhabesh Kalita about punishment for rape
পাঠশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

বজালী, ২৫ আগষ্ট:ৰাজ্য তোলপাৰ হৈ আছে ধিঙৰ ধৰ্ষণকাণ্ডক লৈ ৷ সমান্তৰালকৈ ৰাজ্যৰ কেবাঠাইতো একেলেঠাৰীয়ে সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা ৷ সামগ্ৰিক পৰিস্থিতিটোক লৈ দেওবাৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

পাঠশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

ধৰ্ষণকাৰীক চিৰিয়াখানাৰ বাঘৰ সন্মুখত এৰি দিব লাগে : ভৱেশ কলিতা

শেহতীয়া ঘটনাৰাজিৰ সন্দৰ্ভত ভৱেশ কলিতাই কয়, ‘‘কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্দিষ্ট অভিপ্ৰায়েৰে কাম কৰি আছে ৷ কিছুমানে তাত উদগনি যোগাই আছে ৷ ইয়াত বহুত পৃষ্ঠপোষকো আছে, যাৰ বাবে ইমান সাহস পাইছে ৷ এই পৃষ্ঠপোষকসকলক আমি সাৱধান কৰি দিছোঁ, আপোনালোক আঁতৰি যাওক ৷ ৰাজনীতি নকৰিব ৷ অসমৰ বোৱাৰী-ভগ্নী ভোগৰ সামগ্ৰী নহয় ৷ ধৰ্ষণকাৰীসকলক চিৰিয়াখানাৰ বাঘৰ সন্মুখত এৰি দিব লাগে ৷ তাৰ পিচত কংকাল, মৃতদেহ পুলিচক গতাই দিব লাগে ৷’’

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত :

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ পিচতে চৰ্চাত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নাম ৷ তেওঁৰ নামৰ চৰ্চিত হোৱাৰ প্ৰসংগত ভৱেশ কলিতাই কয়, ‘‘মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীয়ে কৰিব ৷ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন হ’বলগীয়া আছে ৷ দল হিচাবে আমি 5 টা সমষ্টিৰ বাবে সাজু হৈছোঁ ৷ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৷ চাৰিখন আসনত আমি অনায়াসে জিকিবলৈ সক্ষম হ’ম ৷ চামগুৰি সমষ্টিত জনগাঁথনি বেলেগ, তথাপি তাৰ বাবে প্ৰাৰ্থী ঠিক কৰিছোঁ ৷’’

উল্লেখ্য যে দেওবাৰে বজালীৰ পাঠশালাৰ চৌখুটীত কনক চৌধুৰী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাগ লয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক :অসভ্য সমাজৰ বিৰুদ্ধে একগোট হ'ব লাগিব সভ্য সমাজ: অশোক সিংহল

অনামিঞা ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়াৰ ৰেকৰ্ড আছে : বিধায়ক আব্দুৰ ৰচিদ মণ্ডল

চৰকাৰৰ অকৰ্মন্যতাৰ বাবেই নিৰাপত্তাহীনতাত ভুগিছে অসমীয়া : অজাপ

ABOUT THE AUTHOR

...view details