অসম

assam

৪ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ৰাজ্যিক বিজেপিৰ গাঁও চলো অভিযান

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:06 AM IST

Updated : Jan 25, 2024, 11:46 AM IST

Lok Sabha Election 2024 : 4 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ ৰাজ্যিক বিজেপিৰ আঠদিনীয়া গাঁও চলো অভিযান ৷ ৰাহুল গান্ধী অসমলৈ আহি বিজেপিক শক্তিশালী কৰি থৈ গৈছে বুলি মন্তব্য ভবেশ কলিতাৰ ৷

Lok Sabha Election 2024
ভবেশ কলিতাৰ সংবাদমেল

4 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক বিজেপিৰ আঠদিনীয়া গাওঁ চলো অভিযান

গুৱাহাটী, 24 জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তুলিছে ৷ জিলাই জিলাই নিয়মিত সাংগঠনিক বৈঠককে ধৰি বিভিন্ন কাৰ্যসূচী চলি থকাৰ সমান্তৰালকৈ এইবাৰ ৰাজ্যিক বিজেপিয়ে 4 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ আঠদিনীয়াকৈ "গাঁও চলো” অভিযান আৰম্ভ কৰিব ৷ আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত সভাপতি ভবেশ কলিতা, উপ-সভাপতি জয়ন্ত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত "গাঁও চলো” কাৰ্যক্ৰমৰ এক প্ৰস্তুতি বৈঠক তথা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈ যায় ৷

এই প্ৰশিক্ষণ কার্যসূচীত জিলা সভাপতি, প্ৰভাৰী, মুখপাত্ৰ, পেনেলিষ্ট, বিভাগ আৰু কোষৰ 120 গৰাকী কার্যকর্তাই অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি সভাপতি ভবেশ কলিতাই কয় যে, গাঁও চলো অভিযানৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ তথা জ্যেষ্ঠ কার্যকর্তা সকলে গাঁৱে গাঁৱে উপস্থিত হৈ প্ৰবাস কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনি সমূহ অৱগত কৰিব ৷

লগতে গাঁওবাসীৰ মনোভাৱ গ্ৰহণ কৰি গাঁওখন উন্নয়নৰ হেতু কৰিবলগীয়া কাম-কাজ, গাঁওবাসীৰ অভাৱ-অভিযোগ, নতুন ভোটাৰ অন্তৰ্ভূক্তিৰ বিষয়ত আলোচনা কৰিব ৷ প্ৰতিখন গাঁৱৰ কাৰ্যসূচী তদাৰক কৰিবৰ বাবে গাঁও পর্যায়তত তিনিজনীয়া সমিতি থাকিব বুলি কয় তেওঁ ৷

আনহাতে, 29 জানুৱাৰীত প্ৰতিখন সাংগঠনিক জিলাতে জিলা বিষয়ববীয়া সভা, 1 আৰু 2 ফেব্ৰুৱাৰীত মণ্ডল কার্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব ৷ 30 জানুৱাৰীৰ ভিতৰত দলৰ প্ৰতিটো লোকসভাৰ মুখ্য কাৰ্যালয়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হ'ব ৷ কোনো হোটেলত নহয়, প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদ যিকোনো সাধাৰণ লোকৰ ঘৰত থাকিব বুলিও কলিতাই লগতে প্ৰকাশ কৰে ৷

ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত কলিতাই কয় যে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিব লাগিছিল তেতিয়া নাহিলে ৷ এইটো ক্ষমা যাত্ৰা হ’ব লাগিছিল ৷ এই যাত্ৰাত খালী চকী সন্মিলন হ’ল বুলি কয় তেওঁ ৷ লগতে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিচত ৰাহুল গান্ধী কেইদিনমান ইটালী ঘূৰি আহিব বুলিও কয় ভবেশ কলিতাই ৷ তদুপৰি ৰাহুল গান্ধী অসমলৈ আহি বিজেপিক শক্তিশালী কৰি থৈ গৈছে বুলি ভবেশ কলিতাই মন্তব্য কৰে ৷

লগতে পঢ়ক :পাঁচ ন্যায়; ৰাহুল গান্ধীৰ ন্যায়ৰ পাঁচ দফীয়া কাৰ্যসূচী ঘোষণা

Last Updated : Jan 25, 2024, 11:46 AM IST

ABOUT THE AUTHOR

...view details