গুৱাহাটী, 25 মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে অসমত বিজেপিয়ে ৰাজ্যিকৰ পৰা জিলালৈ, বুথৰ পৰা মণ্ডললৈ চলাইছে নিজৰ জোৰদাৰ পৰিক্ৰমা ৷ সমাগত লোকসভা নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীসকলৰ বিজয় সু-নিশ্চিত কৰাবলৈ দিন-ৰাতি একাকাৰ কৰি দলীয় কাৰ্যক্ৰম অব্যাহত ৰাখিছে দলটোৱে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো দলীয় কাৰ্যকৰ্তা সকলৰ লগতে মিত্ৰজোঁটৰ লগত সকলোৰে মনোবল অধিক বৃদ্ধি কৰিবলৈ কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিছে ৷
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, আগন্তুক দুটা দিনত ভাৰতীয় জনতা পাৰ্টিৰ পাঁচজনকৈ প্ৰাৰ্থীয়ে নিজ নিজ সদৰত নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিব ৷ মঙলবাৰে অৰ্থাৎ 26 মাৰ্চত ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বুধবাৰে অৰ্থাৎ 27 মাৰ্চত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৷