গুৱাহাটী ৮ এপ্রিল: বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছ আৰু চি পি আই এম দলে কিছুদিন পূৰ্বে অভিযোগ দিয়াৰ পিচতে এইবাৰ কংগ্ৰেছ দলে নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰিছে বুলি সোমবাৰে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে । সোমবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াক এই সন্দৰ্ভত অভিযোগ পত্ৰ দিয়ে দলটোৱে । অসম বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নির্বাচনী আয়ুক্তলৈ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ যোগেদি কংগ্ৰেছ দলৰ বিৰুদ্ধে এক লিখিত অভিযোগ দাখিল কৰে ।
দিপ্লু ৰঞ্জন শৰ্মাই দেশৰ মুখ্য নির্বাচনী আয়ুক্তলৈ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ যোগেদি কংগ্ৰেছ দলৰ বিৰুদ্ধে দাখিল কৰা এক লিখিত অভিযোগ পত্ৰত উল্লেখ কৰিছে যে দেওবাৰে গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিং, ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত কংগ্ৰেছ দলে পাঁচ গেৰাণ্টি ঘোষণা কৰি নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰিছে ।
অভিযোগ পত্ৰত উল্লেখ কৰে যে কংগ্ৰেছে ঘোষণা কৰা পাঁচ গেৰাণ্টিৰ পূৰণ কৰিবৰ বাবে যাৱতীয় ধনৰাশিৰ উৎস, লগতে কেনেকৈ উক্ত গেৰাণ্টি বাস্তৱায়িত কৰিব তাৰ কোনো তথ্য দাঙি নধৰাকৈ কেৱল জনসাধাৰণক আভুৱা ভাৰিবৰ বাবে তথা নিৰ্বাচনত প্রলোভনৰ ৰাজনীতিৰে ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে ।