গুৱাহাটী,29 জানুৱাৰী :"11 বছৰ কাল বনবাস শেষ কৰি আজি স্ব-ৰাজ্যলৈ উভতি আহিছো ৷ দেশৰ-ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে যিটো বিচাৰিছে, সেই পথেৰেই বাট বুলিব লাগিব ৷ কংগ্ৰেছ দলে নিজৰ মাজত থকা খোৱা-কামোৰাখিনিকেই চম্ভালিব পৰা নাই, সাধাৰণ কৰ্মীক কি ন্যায় দিব ৷" এই মন্তব্য সদ্য কংগ্ৰেছ ত্যাগী নেতা অপূৰ্ব ভট্টাচাৰ্যৰ ৷ কংগ্ৰেছ ত্যাগ কৰি সোমবাৰে পুনৰ অসম গণ পৰিষদ দলত যোগদান কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভট্টাচাৰ্যই ৷
উল্লেখ্য যে, সোমবাৰে মহানগৰীৰ আমবাৰীৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান সভা ৷ এই অনুষ্ঠানতে কংগ্ৰেছ এৰি পুনৰ অসম গণ পৰিষদ দলত যোগদান কৰে অপূৰ্ব ভট্টাচাৰ্যই ৷ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত অপূৰ্ব ভট্টাচাৰ্যসহ অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছৰ 9 গৰাকী নেতাই অগপত আনুষ্ঠানিকভাৱে যোগ দিয়ে ৷
অগপত যোগদান কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়- "11 বছৰ কাল বনবাস শেষ কৰি আজি স্ব-ৰাজ্যলৈ উভতি আহিছো ৷ 2013 চনতে অভিমান কৰি ঘৰখনৰ পৰা ওলাই গৈছিলো যদিও মোৰ কাৰো প্ৰতি বিদ্বেষ নাছিল ৷ দেশৰ আৰু ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে যিটো বিচাৰিছে, সেই পথেৰেই বাট বুলিব লাগিব ৷ আহ্বান বহু দিন পূৰ্বেই আহিছিল ৷ কিন্তু মই সিদ্ধান্ত লোৱাত দেৰি কৰিলো ৷"