অসম

assam

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:52 PM IST

ETV Bharat / politics

ব্যক্তিগত জামিনত মুকলি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

Rana Goswami: যোৰহাট সদৰ থানাত উপস্থিত হোৱাৰ পিচতে তদন্তকাৰী বিষয়া-আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হ’ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতিৰে গোস্বামীয়ে ক’লে যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত তেওঁলোকৰ ভুল হৈছিল ৷

Rana Goswami
যোৰহাট সদৰ থানাত ৰাণা গোস্বামী

যোৰহাট সদৰ থানাত ৰাণা গোস্বামী

যোৰহাট, 11 ফেব্ৰুৱাৰী: কোনোমতে দেওবাৰে যোৰহাট সদৰ থানাত উপস্থিত হ’ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়া ওচৰত উপস্থিত হৈ গোস্বামীয়ে তদন্ত প্ৰক্ৰিয়াত সহোযগিতা আগবঢ়ায় ৷ তদন্তকাৰী বিষয়াৰ ওচৰত তিনি ঘন্টা সময় ধৰি অসম প্ৰদশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিষয় সন্দৰ্ভত জবানবন্দী দিয়ে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে ব্যক্তিগত জামিনত তেওঁক আৰক্ষী থানাৰ পৰা যাবলৈ দিয়ে ।

তদন্তকাৰীৰ বিষয়াৰ ওচৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত ৰাণা গোস্বামীয়ে কয় যে ১৮ জানুৱাৰীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত তেওঁলোকৰ ভুল হৈছিল আৰু সেই কথা তেওঁ নিজেই অনুধাৱন কৰিছে ৷ তদন্তৰ সময়ত আৰক্ষীয়ে দেখুওৱা ব্যৱহাৰ আৰু সন্মান দেখি অভিভূতও হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গোস্বামী ।

ইয়াৰোপৰি গোস্বামীয়ে কয় যে আৰক্ষীয়ে তেওঁক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা পৰিস্থিতিৰ সন্দৰ্ভত যিখিনি সুধিছিল সেয়া তেওঁ সকলো শুদ্ধভাৱে কৈ গৈছে আৰু তদন্তৰ বাবে যেতিয়াই তেওঁৰ প্ৰয়োজন হয় তেতিয়াই তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'ব ৷ আনহাতে তদন্তত আৰক্ষীক সহায় কৰাটো কৰ্তব্য বুলি ৰাণা গোস্বামীয়ে মত প্ৰকাশ কৰে ৷ আশ্বৰ্যজনকভাৱে দেওবাৰে পূৰ্বৰ তুলনাত ৰাণা গোস্বামীৰ মন্তব্যত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত যোৰহাটত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত পথ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগত কেবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত গোচৰ ৰুজু হৈছিল ৷ তেওঁলোকৰ ভিতৰত অন্যতম ভূপেন বৰা আৰু কেবি বাইজু ৷

কিন্তু স্বাস্থ্যজনিত কাৰণত থানাত উপস্থিত হ’ব পৰা নাছিল বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ অৱশেষত দেওবাৰে যোৰহাট সদৰ থানাত হাজিৰ হয় ৰাণা গোস্বামী ৷ মন কৰিবলগীয়া যে যোৰহাট থানাত ৰুজু হোৱা উক্ত গোচৰ ভূপেন বৰাসহ বিৰোধী দলপতিয়েও একপ্ৰকাৰে অযুক্তিকৰ বুলি উল্লেখ কৰিছে ৷

কিন্তু প্ৰথম পৰ্যায়ৰ পৰাই ৰাণা গোস্বামীয়ে ভুল স্বীকাৰ কৰি আহিছে যে যোৰহাটত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত তেওঁলোকৰ ভুল হৈছিল ৷ অৰ্থাৎ দলৰ আন নেতা আৰু ৰাণা গোস্বামীৰ মন্তব্যৰ মাজত সম্পূৰ্ণ অমিল দেখা গৈছে ৷ তদুপৰি অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদানৰ যো-জা চলাই আছে ৷

লগতে পঢ়ক:ন্যায় যাত্রাৰ প্ৰভাৱ: সোমবাৰে যোৰহাট থানাত অকলেই হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ABOUT THE AUTHOR

...view details