অসম

assam

ETV Bharat / politics

গীতাৰ শ্লোকেৰে মুখ্যমন্ত্রীক কটাক্ষ ভূপেন বৰাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Bhupen Borah reply to CM : আজি তোমাৰ হাতত যিটো আছে সেইটো কালি বেলেগৰ হাতত আছিল আৰু পৰহিলে সেইটো বেলেগৰ হাতত থাকিব ৷ গীতাৰ শ্লোকেৰে মুখ্যমন্ত্রীক কটাক্ষ ভূপেন বৰাৰ ।

BHUPEN BORAH REPLY TO CM
মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাকযুদ্ধ

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:10 PM IST

মুখ্যমন্ত্রীক কটাক্ষ ভূপেন বৰাৰ

গুৱাহাটী, 29 মাৰ্চ : নিৰ্বাচনৰ দিন যিমানে চাপি আহিছে সিমানে বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধ ৷ বিগত কেইবাদিন ধৰি পৰস্পৰে পৰস্পৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ আনকি মুখ্যমন্ত্ৰীয়ে গেৰাণ্টি দি কৈছে যে ভূপেন বৰাই 2025 চনত বিজেপিত যোগদান কৰিব ৷ মুখ্যমন্ত্ৰীৰ এই অভিযোগ আৰু আক্ৰমণৰ প্ৰত্যুত্তৰত আজি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ভূপেন বৰাই গীতাৰ শ্লোকেৰে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে আজি তোমাৰ হাতত যিটো আছে সেইটো কালি বেলেগৰ হাতত আছিল আৰু পৰহিলে সেইটো বেলেগৰ হাতত থাকিব ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ চকীখন স্থায়ী বুলি ভাবি থকাটোৱে তেওঁৰ ডাঙৰ বিড়ম্বনা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মসন্তুষ্টি স্থায়ী নহয় আৰু সেইটো তেওঁৰ দুখৰ মূল কাৰণ হ'ব ৷ আনহাতে মুখ্যমন্ত্ৰীৰ কথাক অসমৰ মানুহে গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এটাও নিৰ্বাচন জিকা নাই ৷ 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিৰ্বাচনত জয়ী হৈছে ৷ 2016 আৰু 2021 চনত অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি নিৰ্বাচনত জয়ী হৈছে বুলি কয় ভূপেন বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয় যে মুখ্যমন্ত্ৰীৰ মুখমণ্ডলত হতাশগ্ৰস্ততাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকাশ পায় ৷ মুখ্যমন্ত্ৰীয়ে কাৰো ভাগ্য নিৰ্ণয় কৰিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে সেয়া ভাগৱত গীত‍াই নিৰ্ণয় কৰি থৈছে ৷ 2026 চনৰ 4 জুনৰ আগতে পট পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিৱৰ্তন পহিলা বহাগৰ পৰা আৰম্ভ হ'ব ৷

ইফালে মুখ্যমন্ত্ৰীয়ে অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কৰা মন্তব্যৰ প্ৰসংগত ভূপেন বৰাই অসমত কংগ্ৰেছ আৰু বিজেপিৰ কেইজন মুখ্যমন্ত্ৰী হৈছে বুলি ওলোটাই প্ৰশ্ন কৰে ৷ তেওঁ মুখ্যমন্ত্ৰীক আগতে হিচাপটো উলিয়াই লোৱাৰ বাবে কয় ৷ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেইটো মুখ্যমন্ত্ৰীয়ে ঠিক কৰিব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ হ'লে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনক খেদিব নাইবা আঁতৰাব লাগিব ৷ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেইটো অসমৰ ৰাইজে ঠিক কৰিব বুলি তেওঁ কয় ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত ! - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details