গুৱাহাটী : "অসমৰ ৰাইজে কংগ্ৰেছ দলক বহুবাৰ জয়ৰ মুখ দেখুৱাইছে, পৰাজয়ৰ মুখো দেখুৱাইছে । আমি জয় যিমান বিনয়েৰে স্বীকাৰ কৰো, পৰাজয়ো সিমান বিনয়েৰে স্বীকাৰ কৰো । চামগুৰিক লৈ মোৰ মনত অলপ দুখ আছে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ আজি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, "২০২৪ চনৰ ২৪ জুনত আমি যিমান ভোট পাইছিলো তাৰ তুলনাত ভোট বৃদ্ধি পাইছে । চিদলী সমষ্টি আমাৰ বাবে প্ৰত্যাশিত পৰাজয় আছিল । বিহালীত আমি লোকসভা নিৰ্বাচনত ৩৭ হাজাৰ ভোট পাইছিলো । এতিয়া আমাৰ প্ৰায় ৫ হাজাৰ ভোট বৃদ্ধি হৈছে । তিনি মাহৰ ভিতৰত বিহালীবাসীয়ে আমাক বহুখিনি আগুৱাই দিছে । লোকসভা নিৰ্বাচনত ধলাইত আমি ৪৪ হাজাৰ ভোটত হাৰিছিলো । এইবাৰ সেই ব্যৱধান প্ৰায় ৩০ হাজাৰ কমি আহিছে । "
উপ-নিৰ্বাচনৰ ফলাফল লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ (ETV Bharat Assam) চৰকাৰৰ বিফলতাসমূহ আমি ৰাইজৰ কাষলৈ নিব পাৰিছো:
তেওঁ পুনৰ কয়," ২০ বছৰৰ ইতিহাস চালে দেখা যায় যে উপ-নিৰ্বাচনসমূহ সাধাৰণতে চৰকাৰৰ সপক্ষে যায় । আমি এটা কথাত সফল হৈছো যে চৰকাৰৰ বিফলতাসমূহ আমি ৰাইজৰ কাষলৈ নিব পাৰিছো । যাৰ ফলত আমাৰ ভোটৰ পৰাজয়ৰ ব্যৱধান কমি আহিছে । চামগুৰি সমষ্টিত সংঘটিত হোৱা অভূতপূৰ্ব ঘটনা সন্দৰ্ভত আজি জিলা আয়ুক্তক আগতেই অভিযোগ দিছিলো । নিৰ্বাচনী বিষয়াক অভিযোগ দিয়া হৈছিল । দিল্লীত বিৰোধী দলপতিয়ে নিৰ্বাচন আয়ুক্তক অভিযোগ দিছিল । কৰ্মৰ তাগিদাত চামগুৰিৰ হাজাৰ হাজাৰ যুৱক ৰাজ্যৰ বাহিৰত থকাৰ সময়ত কিন্তু তেওঁলোকৰ নামত ভোটসমূহ বাকচত সোমাই গৈছিল । আমি নিৰ্দ্দিষ্ট কৰি অভিযোগ দিছিলো ।"
জয়-পৰাজয় ডাঙৰ কথা নহয়:
আনহাতে, স্বয়ং মুখ্যমন্ত্রীয়ে ভোটিঙৰ আগনিশা ২ বজালৈ ভিডিঅ' কনফাৰেন্স যোগে মিটিং কৰিছে বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়," জয়-পৰাজয় ডাঙৰ কথা নহয় । কিন্তু মুখ্যমন্ত্রীৰ আসনখনক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো শুভ নহয় । চামগুৰিত শিলগুটি আৰু লাঠি লৈ নিৰ্বাচন খেলা হ'ল । মই ভাবো আহি থকা দিনবোৰত অসমৰ ৰাইজে এই প্ৰক্ৰিয়াটোৰ সমৰ্থন নকৰে ।"
এই পৰাজয়ে হতাশ কৰিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয়, "ৰাজনৈতিকভাৱে পৰ্যালোচনা কৰিলে উপ-নিৰ্বাচনৰ ফলাফল আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে । পৰাজয় আমি স্বীকাৰ কৰিছো । কিন্তু দলৰ আমাৰ সংঘবদ্ধ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব পাৰিলে ২০২৬ত আমাক বিৰোধীৰ পৰা শাসনলৈ নিয়াৰ বাবে ৰাইজৰ মনতো আশা আৰু সংকল্প আছে সেইটো এই নিৰ্বাচনে প্ৰতীয়মান কৰিছে ।"
সাম্প্ৰদায়িক ৰাজনীতিৰ মাষ্টাৰ মাইণ্ড কোন ?
ইফালে, ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "চাৰিমাহ ধৰি হিমন্ত বিশ্ব শৰ্মাই অসমত পাৰ্ট-টাইম মুখ্যমন্ত্রীৰ ভূমিকা পালন কৰিছিল । তেওঁ যোৱা চাৰি মাহৰ অধিক সময় ঝাৰখণ্ডত আছিল । সাম্প্ৰদায়িক ৰাজনীতিৰ এজন মাষ্টাৰ মাইণ্ড হিচাপে তেওঁক ঝাৰখণ্ডত দায়িত্ব দিয়া হৈছিল । কিন্তু ঝাৰখণ্ডত সাম্প্ৰদায়িক কূট-কৌশলে কাম নিদিলে । সেইদৰে তেওঁ তেলেংগানা, কৰ্ণাটকলৈ গৈছিল । আজি যিটো ফলাফল ওলাইছে ইয়াৰ পৰা প্ৰমাণ হয় যে বিজেপিৰ ভাগ্য ভাল যে হিমন্ত বিশ্ব শৰ্মাক মহাৰাষ্ট্ৰলৈ নপঠিয়ালে । মহাৰাষ্ট্ৰলৈ যোৱা হ'লে ঝাৰখণ্ড, কৰ্ণাটক আৰু তেলেংগানাৰ দৰে ফলাফল বিজেপিয়ে পালেহেতেন ।"