বিশ্বনাথ, ৬ ছেপ্টেম্বৰ :“ অসম চুক্তিৰ ৬ নম্বৰ দফাৰ কাৰ্যকৰীকৰণক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীয়ে মুনাফাৰ ৰাজনীতি কৰিছে । লগতে নিজৰ পৰিয়ালৰ সম্পত্তি বিতৰ্ক তল পেলাবলৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ঢাল হিচাবে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷”- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুকুৰবাৰে এইদৰে কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
মুখ্যমন্ত্ৰীৰ আভুৱাভৰা ৰাজনৈতিক চক্ৰান্ত :
“বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনক ৰাজনৈতিক মুনাফা লাভৰ বাবে ক্ষণস্থায়ী হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰিব বিচাৰিছে মুখ্যন্ত্ৰীয়ে । ”- বিশ্বনাথ জিলাৰ বিহালীত এক দলীয় অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫৭ টা পৰামৰ্শ কাৰ্যকৰীকৰণক লৈ ৰাজ্যিক কেবিনেটৰ অনুমোদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুটা প্ৰশ্ন ভূপেন বৰাৰ ৷
প্ৰথম প্ৰশ্ন : CAA বলৱৎ হৈ থকাৰ বিপৰীতে ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দিয়া ৫৭ টা পৰামৰ্শত অনুমোদন জনাই CAAৰ বিৰোধিতা কৰিছে নেকি সেয়া স্পষ্ট কৰক ।
দ্বিতীয় প্ৰশ্ন : কোন ১০ টা পৰামৰ্শ বাদ দি কেন্দ্ৰীয় চৰকাৰলৈ এৰি থৈছে ? এই ১০ টা পৰামৰ্শ কিয় লুকুৱাই ৰাখিছে ? লুকুৱাই থোৱা ১০ টা পৰামৰ্শ ৰাইজৰ জনাৰ অধিকাৰ আছে ৷ মুখ্যমন্ত্ৰীয়ে এই কথা জনাওক । মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ প্ৰশ্ন এয়া ।
১৩ বছৰ অসম চুক্তি মন্ত্ৰী হৈ কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই :
“অসম চুক্তি আমাৰ বাবে গীতা, কোৰাণ, বাইবেল বুলি সৰ্বানন্দ সোণোৱালে কয় ৷ আনহাতে অসম চুক্তি আমাৰ বাবে আমাৰ বাবে গীতা, কোৰাণ, বাইবেল একো নহয় বুলি কয় হিমন্ত বিশ্ব শৰ্মাই কয় ৷ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে অসম চুক্তিক নস্যাৎ কৰি অৱহেলা কৰি আহিছিল ৷ ”- বুলি মন্তব্য কৰি সংবাদেমলত ভূপেন বৰাৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিক সদায় অৱহেলা কৰি আহিছে ৷
“এবছৰ, দুবছৰ নহয় ৷ নিজৰ ৰাজনৈতিক জীৱনত মুঠ ১৩ বছৰ অসম চুক্তি মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ৷ তেৰ বছৰত কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই ? অসম চুক্তিক তেতিয়া কেৱল অৱহেলা কৰিলে ৷”- এই মন্তব্য ভূপেন বৰাৰ ৷