অসম

assam

ETV Bharat / politics

৮ মাৰ্চত কংগ্ৰেছে ঘোষণা কৰিব ১৪টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা : ভূপেন বৰা

APCC president Bhupen Bora: সাত মাৰ্চৰ বিয়লি কংগ্ৰেছৰ চিইচিৰ সভা অনুষ্ঠিত হোৱাৰ পাচতে ৮ মাৰ্চৰ বিয়লি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

apcc-president-bhupen-bora-statement-on-candidate-list
ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:16 PM IST

ভূপেন বৰাৰ ভাষ্য

গুৱাহাটী, ৫ মাৰ্চ :লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব তালিকা সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই বিজেপিক কটাক্ষ কৰি কয় যে কংগ্ৰেছে দিনৰ পোহৰত ভালদৰে টাইপ মাৰি শুদ্ধকৈ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কেইবাটাও লোকসভা সমষ্টিৰ নাম সলনি হৈছে আৰু সমষ্টিৰ ক্ষেত্ৰত থকা সংৰক্ষণৰো সাল-সলনি হৈছে । কিন্তু বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত পুৰণি সমষ্টিৰ নাম উল্লেখ কৰা হৈছিল । যাৰ বাবেই বিজেপিক কটাক্ষ কৰি ভূপেন বৰাই কয় যে কংগ্ৰেছে খৰধৰ কৰাৰ বিপৰীতে শুদ্ধকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব । আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰসংগত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয় । ৮ মাৰ্চত ১৪টা সমষ্টিৰে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰে তেওঁ ।

ইফালে আপৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছে দিয়া প্ৰস্তাৱ আপে মানি লোৱা নাই । প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আপক যথাযোগ্য সন্মান সহকাৰে প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁলোকে মানি ল’ব বিচৰা নাই বুলি সদৰী কৰি তেওঁ কয় যে এইক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব । আপ নিজৰ স্থিতিত অটল আছে বুলি সদৰী কৰি তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰে ।

আনহাতে তৃণমূল কংগ্ৰেছে চাৰিখন আসন বিচৰাৰ প্ৰসংগত তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা চলি আছে । অসমত কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই । কেন্দ্ৰীয় নেতৃত্বই লোৱা সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে মানি ল’ব বুলি তেওঁ কয় । বৰপেটা আসনখন চি পি এমে বিচৰা সন্দৰ্ভত তেওঁ কয় যে এই বিষয়টোত দিল্লীত আলোচনা হৈ আছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আপে তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিছে যদিও আমি তালিকাখন সৰু কৰিব কৈছো । আপে বিচৰা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ আন দলৰ লগত আলোচনা চলি আছে ।’

ইফালে চি পি আই দলে দুখন আসন বিচৰা সন্দৰ্ভত তেওঁ কয় যে চি পি আইৰ লগত আলোচনা কৰি বিধানসভাত একেলগে খেলাৰ কথা কোৱা হ’ব । লোকসভাত সহায় কৰাৰ বাবে কোৱা হ’ব । ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিলে অসুবিধা হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে একো অসুবিধা নহয় । প্ৰাৰ্থী তালিকা প্ৰকাশ নোপোৱালৈকে প্ৰাৰ্থিত্ব বিচৰা কংগ্ৰেছৰ ৮৪জনেই আশা কৰি থাকিব । শীৰ্ষ নেতৃত্বই সিদ্ধান্ত নোলোৱা পৰ্যন্ত তেওঁলোকে আশা কৰিবই বুলি তেওঁ কয় ।

আনহাতে 'কা' আন্দোলনত পাঁচজন লোকৰ মৃত্যু হোৱাৰ সময়ত মুখ্যমন্ত্ৰী হৈ থকাজনেই ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী বুলি সদৰী কৰি তেওঁ কয় যে ভোটৰ বাকচত নতুনকৈ 'কা' আন্দোলন হ’ব । আৰ এছ এছৰ এজন ডাঙৰ নেতাই তেওঁৰ লগত কথা পতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী আৰু আৰ এছ এছৰ নেতাৰ গোপন বুজাবুজিৰ বাবেই বিজেপিৰ কিছুমান যোগ্য লোক বঞ্চিত হৈছে ।

লগতে পঢ়ক :চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details