গোৱালপাৰা, ১ মে': অহা ৭ মে'ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ । গোৱালপাৰা চহৰৰ ময়লাপথাৰত বুধবাৰে এআইইউডিএফ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় ।
সাংসদ বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয়, "ধুবুৰী সমষ্টি চোৰ-ডকাইতেৰে ভৰি পৰিছে । লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ হৈছে দালাল । টকাৰ কাৰণে নিজৰ মাক- ভনীয়েকক বিক্ৰী কৰি দিব এই দুয়োৱে । আজি মই টকা দিম দুয়ো মোৰ হৈ যাব । এই লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা মোটা অংকৰ টকা লৈ এনআৰচিৰ সময়ত ৪৫ লাখ মুছলমান লোকৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল কৰিছিল । এই ৪৫ লাখ লোকৰ নাম এনআৰচিৰ পৰা নাম কৰ্তন কৰিব লাগে বুলি দাবী কৰিছিল ।"
আজমলে লগতে কয় যে এনেকুৱা মুছলিম বিদ্বেষী লোকক লগত লৈ ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে । আজমলে ভাষণ প্ৰসংগত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি কয়, "ধুবুৰী সমষ্টিত উন্নয়নৰ কাৰণে মই কি কৰা নাই । ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা ৫ হাজাৰ কোটি টকা মোকোলাই আনিছোঁ । ধুবুৰী সমষ্টিলৈ বিমানবন্দৰ, মেডিকেল কলেজ আৰু ৰেল ষ্টেচন আনিছোঁ । আজমলে কি কৰিলে সেয়া আপোনাৰ মাতৃক সোধক । আজমল আপোনাৰ মাতৃৰ সমপৰ্যায়ৰ । এই উত্তৰ সংসদত আপোনাৰ মাতৃক দিম ।"