আমগুৰি, 20 মে’ : 2026 ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাইজৰ দলে । শিৱসাগৰৰ চুকে-কোণে দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰিবৰ কাৰণে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত দলীয় কৰ্ম-কৰ্তাসকল উঠি-পৰি লাগিছে । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত 2026 চনত বিৰোধী ঐক্যমঞ্চই 126 টা বিধানসভা সমষ্টিত সন্মিলিতভাৱে নিৰ্বাচনত অৱৰ্তীণ হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে গগৈয়ে ।
2026 ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে অসম জাতীয় পৰিষদকে ধৰি আঞ্চলিক ৰাজনৈতিক দল একলগ হৈ জাতীয়তাবাদী সত্ত্বাৰে কংগ্ৰেছৰ লগত চামিল হ'ব বুলিও জনায় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।
শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত জাঁজী মৰাণছিগাত ৰাইজৰ দলৰ বুথ সন্মিলন আৰু সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে কয়, "বিজেপি, এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদক 2026 চনত পৰাভূত কৰিব লাগিব । হিন্দু-মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতি কলূষিত কৰিলে বিজেপিয়ে । সেয়ে 2026 ত তিনিটা সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপি, এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদক অসমৰ পৰা বিদায় দিবই লাগিব ।’’