ডিব্ৰুগড়, 19 মাৰ্চ:ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ তুংগত কৰি তুলিছে । লোকসভা সমষ্টিটোত বিজেপি, আপ আৰু বিৰোধীৰ ঐক্যমঞ্চই পৃথকে পৃথকে প্ৰাৰ্থিত্ব প্ৰদান কৰি অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত বিৰোধীঐক্য মঞ্চৰ প্ৰাৰ্থী । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত থকাৰ সময়ত প্ৰতিটো দিনতেই কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা লুৰীণজ্যোতি গগৈয়ে ক্ষমতাৰ বাবে আজি ভৰি থ’লে কংগ্ৰেছ দলৰ কাৰ্যালয়ত ।
ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত উপস্থিত হোৱা ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে জনালে উষ্ম আদৰণি । আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিপুল আদৰণি জনায় ৷ অসমৰ ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে সমৰ্থকসকলে আদৰণি জনোৱা পৰিলক্ষিত হয় ।