নগাঁও, 17 এপ্ৰিল :মুখ্যমন্ত্ৰীক মিঞাৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফ বিধায়কজন ৷ তেওঁ কয়- "যোৱা তিনি বছৰত মুখ্যমন্ত্ৰীয়ে পাঁচশ বাৰতকৈ অধিক মিঞাৰ ভোট নালাগে বুলি কৈছে ৷ এই মিঞাই শাক-পাচলিত বৰবিহ ঢালি দিয়ে ৷ এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে এতিয়া মছজিদলৈ কিয় যায় ৷ তেওঁৰ তিনি বছৰৰ কথাখিনি আমাৰ ৰাইজে এদিনৰ কাৰণেও পাহৰি যোৱা নাই ৷ মিঞাৰ ভোট নালাগে বুলি কৈ এতিয়া ভোটৰ লোভ, তেওঁৰ লাজ নাই নেকি ? নিলাজৰ নিচিনা তেওঁৰ প্ৰাৰ্থীয়ে আজি গৈ মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে ৷ মুখ্যমন্ত্ৰীয়ে পুৰণা কথাখিনি উঠাই ল’ব লাগে ৷ যদি মিঞাৰ ভোট বিচাৰিব লাগে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ মিঞাৰ ওচৰত ক্ষমা বিচাৰিব লাগে ৷"
ইফালে সংবাদমেলত কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই ৷ তেওঁ কয় যে, নগাঁও লোকসভা সমষ্টিত নুৰুল হুদাক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ বাবে এ আই ইউ ডি এফে দাবী কৰিছিল | তেওঁক প্ৰাৰ্থিত্ব দিলে এ আই ডি এফে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু তাৰ পিচতো এখন মুছলমান আসনত এজন হিন্দু প্ৰাৰ্থী কংগ্ৰেছে কিয় দিলে ৷ নগাঁৱত যাতে ভৱিষ্যতে কোনো দলে মুছলমান প্ৰাৰ্থী নিদিয়ে, সংসদত মুছলমানৰ প্ৰতিনিধিত্ব কম কৰাৰ কাৰণে কংগ্ৰেছে এই কুৎসা ৰচিছে বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ৷
লগতে কংগ্ৰেছে কিয় মিঞা মানুহ বেয়া পাই তাক ৰাজহুৱা কৰিব লাগে বুলিও দাবী কৰে তেওঁ ৷ লগতে বিধায়কজনে কয় যে, কংগ্ৰেছে এজনো মিঞা প্ৰাৰ্থী নিদিলে ৷ ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে, কিন্তু তেওঁ মিঞা নহয় ৷ বিধানসভাত কংগ্ৰেছৰ 31 জনৰ ভিতৰত 16 জনকৈ মিঞা বিধায়ক থকাৰ পিচতো লোকসভাত এজনো মিঞা প্ৰাৰ্থী কিয় দিয়া নাই তাৰ উত্তৰো দলটোৱে দিব লাগে বুলি দাবী কৰে কৰিম উদ্দিন বৰভূঞাই ৷