অসম

assam

ETV Bharat / politics

ধুবুৰী-নগাঁও-কৰিমগঞ্জত প্ৰাৰ্থীৰ নাম ঘোষণা এ আই ইউ ডি এফৰ - aiudf announces candidate list

Lok Sabha election 2024:অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তিনিটা লোকসভা সমষ্টিত ঘোষণা কৰিলে এ আই ইউ ডি এফে প্ৰাৰ্থীৰ নাম । বদৰুদ্দিন আজমলে পূৰ্বৰ সমষ্টিতেই আগবঢ়াব প্ৰতিদ্বন্দ্বিতা । নগাঁৱত আমিনুল ইছলাম আৰু কৰিমগঞ্জত চাহাবুল ইছলাম চৌধুৰী ।

Lok Sabha election 2024
প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে এআইইউডিএফে

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 8:25 PM IST

গুৱাহাটী, ১৫ মাৰ্চ :কাইলৈ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে আজি নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে ৷ পূৰ্বে সদৰী কৰাৰ দৰেই আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এ আই ইউ ডি এফে । দলটোৱে তিনিখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা সদৰী কৰি আজি আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ সেই অনুসৰি ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমল, নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদে আজি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল বিগত সময়ত হৈ থকা বিতৰ্কৰ ।

প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে এআইইউডিএফে

ধুবুৰী সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে । আনহাতে, নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ধিঙৰ কেইবাবাৰৰো বিধায়ক আমিনুল ইছলামে ৷ ইপিনে, কৰিমগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চাহাবুল ইছলামে ৷ ইতিমধ্যে লোকসভা সমষ্টিত কংগ্ৰেছ দলে ৰকিবুল হুছেইনক আৰু অগপই জাভেদ ইছলামৰ নাম প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে । সেয়েহে ধুবুৰীত আজমলে এইবাৰ কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু অগপৰ জাভেদ ইছলামৰ লগত তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে হাফিছ ৰচিদ আহমেদ চৌধুৰীক । বিজেপিয়ে প্ৰক্ষেপ কৰিছে বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাক । সেয়েহে এ আই ইউ ডি এফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰী তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । ৯ নং নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰাৰ বিৰুদ্ধে যুঁজ দিব লাগিব আমিনুল ইছলামে ৷

লগতে পঢ়ক:সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতিৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত

ABOUT THE AUTHOR

...view details