গুৱাহাটী,১৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদবীৰ মৰ্যাদা-গৰিমা লাঘৱ কৰাৰ বাবে কৰা কাম দেশৰ কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাই । এই অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেই এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত কংগ্ৰেছৰ দুগৰাকী বিধায়কে বিজেপি চৰকাৰক সমৰ্থন জনোৱাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে । উল্লেখ্য যে অসম বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে কংগ্ৰেছৰ দুই বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰা এই প্ৰসংগত সুপ্ৰিয়া শ্ৰীনাটেই অসমৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা ভ্ৰষ্টাচাৰৰ অভিযোগৰ বাবেই তেওঁক দেশৰ সবাতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোৱা হয় ।