গুৱাহাটী, ২৭ এপ্ৰিল:লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে'ল বাতিল কৰা, সাতখনকৈ ৰে'লৰ যাত্ৰা আধাতে সামৰা আৰু তিনিখন ৰে'লৰ সময় সলনি কৰাৰ দৰে ঘটনাক সহজভাৱে লোৱা নাই আম আদমি পাৰ্টীয়ে । এক বিবৃতিত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ হতাশাজনক প্ৰদৰ্শনে দলটোক হতাশ কৰিছে ।
আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে পুনৰ কয়," পূৰ্বে মিঞাৰ ভোট নালাগে বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ প্ৰচাৰত মিঞা তুষ্টিকৰণত ত্ৰুটি কৰা নাছিল । এই সংখ্যালঘু ভোটাৰেই শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ জয়-পৰাজয়ৰ কাৰক হিচাপে দলটোৱে চিহ্নিত কৰা সময়তে ভোটদানৰ দিনটোতে বৃহৎ সংখ্যক ৰে'ল বাতিল, আদবাটতে যাত্ৰা সমাপ্ত কৰা ঘটনাই সন্দেহৰ সৃষ্টি কৰিছে । কাৰণ সেই দিনটোত হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰে'লসমূহত ভ্ৰমণ কৰিছিল । ৰে'ল বিভাগৰ সেৱা তৎক্ষণিকভাৱে বাতিল কৰাত তেওঁলোকে ভোটদান কৰিব পৰা নাছিল ।"