গুৱাহাটী, ১০ ফেব্ৰুৱাৰী :শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে চাৰিটাকৈ প্ৰৱঞ্চনাৰ গোচৰ গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে । কিন্তু এই গোচৰবোৰত এতিয়াও আদালতে ঋষিৰাজ কৌণ্ডিন্যক দোষী সাব্যস্ত কৰা নাই । গুৱাহাটীত বুধবাৰে আপৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ঋষিৰাজ কৌণ্ডিন্যই এই কথা স্পষ্ট কৰে ।
তেওঁ কয় যে গোচৰ থাকিলেই মানুহ এজন অপৰাধী হৈ নাযায় । আদালতে তেওঁক দোষী সাব্যস্ত কৰি অপৰাধী হিচাপে প্ৰমাণিত কৰিব লাগিব । তেওঁৰ বিৰুদ্ধে ৩৪ টা গোচৰ নহয়, ৪ টা গোচৰহে ৰুজু হৈ থকা বুলি মন্তব্য কৰে । ইয়াৰে দিছপুৰ থানাত ৩ টা গোচৰ আৰু চান্দমাৰী থানাত ১ টা গোচৰ আছে ।
প্ৰতিটো গোচৰ ঠগ প্ৰৱঞ্চনাৰ গোচৰ বুলি উল্লেখ কৰি কয় যে এগৰাকী ব্যক্তিয়ে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে এনে গোচৰ ৰুজু কৰিছে । ২০ লাখ টকা লোৱা বুলি গোচৰ ৰুজু কৰিছিল । ঋষিৰাজ কৌণ্ডিন্যই কয় যে যদিহে তেওঁ সঁচাকৈয়ে দোষী হ’লহেতেন, আদালতে তেওঁক ফাঁচী দিব পাৰিলেহেঁতেন ।
তেওঁৰ বিৰুদ্ধে বিৰুদ্ধে মিছা প্ৰৱঞ্চনাৰ গোচৰ দি হাৰাশাস্তি কৰা বুলি উল্লেখ কৰি ঋষিৰাজ কৌণ্ডিন্যই কয় যে অভিযোগকাৰীগৰাকীয়ে ৫ কোটি টকাৰ ব্লেকমেইলিং কৰিছিল । ফোনযোগে ৫ কোটি দাবী কৰিছিল । যদিহে আদালতেও ঋষিৰাজ কৌণ্ডিন্য দোষী বুলি কয়, তেন্তে ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থাকিব বুলি মন্তব্য কৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীয়ে ।