তেজপুৰ, ২৬ আগষ্ট :অসমত মুঠ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা অক্টোবৰ মাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ বিহালী সমষ্টিত কোন ৰাজনৈতিক দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ? আম আদমি পাৰ্টীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব বিহালী সমষ্টিৰ বাবে ? কোন হ’ব বিহালীৰ পৰৱৰ্তী বিধায়ক ? এইসমূহ প্ৰশ্নক লৈ সমষ্টিবাসী ৰাইজৰ মনত চর্চা অব্যাহত আছে ৷
উপ-নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰতা বাঢ়িছে শাসক-বিৰোধীৰ ৷ উভয়ে নিজৰ নিজৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সময়তে আম আদমি পাৰ্টীয়েও লৈছে বিশেষ ভূমিকা ৷ বিহালী সমষ্টিত আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সম্ভাব্য তালিকা প্ৰস্তুত কৰিছে ৷
- আগন্তুক উপ-নিৰ্বাচনৰ সন্দৰ্ভত আপৰ মন্তব্য :
ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত আপ অসমৰ সাংগঠনিক সম্পাদক ঋষিৰাজ কৌণ্ডিন্যই এক সুকীয়া সাক্ষাৎকাৰত কয়, ‘‘প্ৰাৰ্থীৰ তালিকা প্ৰায় প্ৰস্তুত হৈছে ৷ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ একাংশ লোক নিৰাশ হৈ আম আদমি পাৰ্টীৰ পৰা টিকট বিচাৰিছে ৷ আপৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বহুতো লোকে ৷ বিহালী সমষ্টিত বিগত সময়চোৱাত উন্নয়ন স্থবিৰ হোৱাৰ ফলত সমষ্টিৰ বহুলোকে আপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷’’
আপৰ নেতাগৰাকীয়ে কয়, ‘‘বিজেপি দলৰ পৰা টিকট লাভ কৰাৰ সম্ভাৱনা কম, সেয়ে আপৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু যোগ্য প্ৰাৰ্থী হ’লে আপে টিকট প্ৰদান কৰিব ৷ মাত্ৰ বিহালী সমষ্টিৰ কাম হ’ব লাগে ৷ বিহালীৰ ৰাইজে অনুসূচীত জাতিৰ প্ৰাৰ্থী বিচাৰিছে আৰু সেইবাবেই প্ৰাৰ্থীজন ৰাইজৰ মনোগ্ৰাহী হোৱাকৈ দিয়াৰ কথা চিন্তা কৰা হৈছে ৷ বিৰোধী মিত্ৰজোঁট আৰু কংগ্ৰেছৰ লগত পৰৱৰ্তী সময়ত কথা হ’ব ৷ আপে কঁকালত টঙালি বান্ধিছে আৰু সকলোতকৈ আগতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷’’
- বিহালী সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ :
উপ-নিৰ্বাচনত বিজেপিয়ে পাঁচোটা সমষ্টিত অকলশৰীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছেও অকলশৰীয়াকৈ এই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৷ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী হিচাবে একমাত্ৰ শাসকীয় বিজেপি দলৰে তিনিজনকৈ ৰাজনৈতিক কৰ্মীয়ে প্ৰস্তুতি তুংগত তুলিছে ৷ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, বিজেপি নেতা দিগন্ত ঘাটোৱাৰ আৰু জয়ন্ত বৰা আছে প্ৰাৰ্থিত্বৰ দৌৰত ৷
পল্লৱলোচন দাসে এই সমষ্টিত পূৰ্বতে কংগ্ৰেছৰ সময়ত বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰি ৰঙাপাৰা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰে ৷ ২০১৯ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হয় ৷ কিন্তু 2024ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় পল্লৱলোচন দাস ৷