ETV Bharat / photos
আজিৰ দিনটোত বিশেষ হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাজ-পোচাক, চাও আহক তেওঁৰ বিগত বৰ্ষসমূহৰ শাৰীৰ লুক - Union Budget 2024

Union Budget 2024: আজি দেশবাসীৰ বাবে এটি বিশেষ দিন ৷ কাৰণ আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে । এই বাজেটখন মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ শেষৰখন বাজেট । এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত ষষ্ঠখন বাজেট দাখিল কৰিছে । বাজেটৰ লগতে আজিকালি সকলোৱে তেওঁৰ সাজ-পোছাকৰ ওপৰতো চকু ৰাখে ।
তেওঁৰ আজিৰ লুকৰ কথা ক’বলৈ গ’লে বিত্তমন্ত্ৰীগৰাকীয়ে নীলা ৰঙৰ শাৰী পিন্ধি সংসদত উপস্থিত হয় । এই শাৰীখনত হাতীদাঁতৰ ৰঙৰ প্ৰিন্ট আছে ।বিগত বৰ্ষবোৰতো তেওঁৰ লুকসমূহ আছিল অতি বিশেষ । বিগত বৰ্ষবোৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থিত হ’বলৈ কেনেধৰণৰ শাৰী পৰিধান কৰিছিল চাও আহক-২০২৩ চনত বিত্তমন্ত্ৰীয়ে ৰঙা ৰঙৰ সম্বলপুৰী শাৰীখন বাছি লৈছিল । শাৰীখনত পৰম্পৰাগত টেম্পল বৰ্ডাৰ আছিল ।বিত্তমন্ত্ৰীগৰাকীয়ে ৰঙা শাৰী পৰিধান কৰে । এই ৰঙা ৰঙৰ শাৰীখনত গোল্ডেন ৱৰ্কৰ সৈতে ক’লা ৰঙৰ বৰ্ডাৰ আছিল ।২০২২ চনৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰীয়ে পৰিধান কৰিছিল হস্ততাঁত ৰেচমৰ শাৰী । তেওঁ গাঢ় মেৰুণ ৰঙৰ ব্লাউজৰ লগত একেলগে বাদামী ৰঙৰ শাৰী পৰিধান কৰে ।বাজেটৰ সময়ত বিত্তমন্ত্ৰীয়ে পৰিধান কৰা এই শাৰীখনক বোমকাই বা সোণপুৰী শাৰী বুলিও কোৱা হয় ।২০২১ চনৰ সাধাৰণ বাজেটৰ সময়ত বিত্তমন্ত্ৰীগৰাকীক ৰঙা ৰঙৰ শাৰীত দেখিবলৈ পোৱা গৈছিল ৷তেওঁ অফ-হোৱাইট ৰেচমৰ পোচাম্পালি শাৰী পৰিধান কৰা দেখা গৈছিল । শাৰীখনত অফ হোৱাইট ডিটেইলিং আৰু গোল্ডেন বৰ্ডাৰ আছিল ।২০২০ চনত সংসদত বাজেট দাখিল কৰিবলৈ বিত্তমন্ত্ৰীয়ে হালধীয়া ৰঙৰ কাঞ্জীৱৰাম শাৰী বাছি লৈছিল । শাৰীখনৰ ওপৰত সোণালী বৰ্ডাৰ আছিল ।বসন্ত পঞ্চমীৰ পিছত দাখিল কৰা বাজেটৰ বাবে তেওঁ হালধীয়া ৰঙৰ শাৰী বাচনি কৰিছিল ।২০১৯ চনত নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে প্ৰথম বাজেট দাখিল কৰে ।সীতাৰমণে গোলাপী ৰঙৰ শাৰী পিন্ধি আহিছিল । এই শাৰীখনৰ সোণালী বৰ্ডাৰ আছিল । Last Updated : Feb 1, 2024, 2:02 PM IST