বিশেষ প্ৰতিবেদন, ২১ ছেপ্টেম্বৰ :শেহতীয়াভাৱে ভাৰতে জাননী প্ৰদানৰ পিচত পাকিস্তানে সিন্ধু জল চুক্তিৰ (Indus Waters Treaty, IWT) ওপৰত পুনৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু তথাপিও এই মুহূৰ্তত এটা প্ৰশ্নৰ সৃষ্টি হৈ আছে যে সঁচাকৈয়ে অনাগত দিনত ইছলামাবাদে এই আলোচনাৰ বাবে আগবাঢ়ি আহিবনে ? এতিয়া সকলোৱে এই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছে ।
উল্লেখ্য যে সিন্ধু জল চুক্তি ১৯৬০ চনত স্বাক্ষৰ হৈছিল । কিন্তু ইয়াৰ পিচত এই চুক্তি কাৰ্যকৰীকৰণত গেথেলা মাৰে । চুক্তি স্বাক্ষৰ হোৱাৰ পিচত ভূ-ৰাজনৈতিক আৰু পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ দৰে মৌলিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আই ডব্লিউ টিৰ চৰ্তাৱলী আৰু নিয়মাৱলী পুনৰ আলোচনা নকৰালৈকে দুয়োপক্ষৰ মাজত আৰু কোনো আলোচনা নহ'ব বুলি উল্লেখ কৰি ভাৰতে চূড়ান্ত আল্টিমেটাম দিয়াৰ কেইসপ্তাহমান পিচত পাকিস্তানে নিজৰ ইচ্ছা ব্যক্ত কৰে ।
এক সাপ্তাহিক সংবাদ মাধ্যম সম্বোধনৰ সময়ত বৃহস্পতিবাৰে ইছলামাবাদত পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে এক প্ৰশ্নৰ উত্তৰত কয়, "সিন্ধু জল চুক্তি হৈছে এক গুৰুত্বপূৰ্ণ চুক্তি । এই চুক্তিয়ে বিগত কেইবা দশক ধৰি পাকিস্তান আৰু ভাৰত দুয়োখন দেশকে ভালদৰে সেৱা আগবঢ়াইছে । আমি বিশ্বাস কৰো যে ই হৈছে পানী ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ স্বৰ্ণমান আৰু পাকিস্তান ইয়াৰ ৰূপায়ণৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । আমি আশাকৰোঁ যে ভাৰতেও এই চুক্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।"
সিন্ধু জল চুক্তি কি ?
সিন্ধু জল চুক্তি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত পানী বিতৰণৰ এক চুক্তি । এই চুক্তিৰ ব্যৱস্থা আৰু মধ্যস্থতা বিশ্ব বেংকৰ দ্বাৰা কৰা হয় । সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহত উপলব্ধ পানী ব্যৱহাৰ কৰাৰ ওপৰত চুক্তিখনত ব্যৱস্থাৰ কথা উল্লেখ আছে । ১৯৬০ চনৰ ছেপ্টেম্বৰত কৰাচীত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানে চুক্তিখনত স্বাক্ষৰ কৰিছিল ।
এই চুক্তিয়ে ভাৰতক তিনিখন ‘‘পূব নদী’’ ক্ৰমে বিয়াছ, ৰবি আৰু চুতলেজৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰিছে । আনহাতে, তিনিখন ‘‘পশ্চিম নদী’’ ক্ৰমে সিন্ধু, চেনাব আৰু ঝিলামৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ পাকিস্তানৰ ওচৰত আছে । এই চুক্তিয়ে পাকিস্তানক আৱণ্টন কৰা পশ্চিমীয়া নদী আৰু ভাৰতক আৱণ্টন কৰা পূবৰ নদীসমূহৰ ব্যৱহাৰ সম্পৰ্কে দুয়োখন দেশৰ মাজত তথ্য আদান-প্ৰদানৰ বাবে এক সহযোগিতামূলক ব্যৱস্থা স্থাপন কৰিছে ।
চুক্তিৰ প্ৰস্তাৱনাত সদিচ্ছা, বন্ধুত্ব আৰু সহযোগিতাৰ ভাবনাৰে সিন্ধু প্ৰণালীৰ পৰা পানীৰ সৰ্বোত্তম ব্যৱহাৰত প্ৰতিখন দেশৰ অধিকাৰ আৰু দায়বদ্ধতাক স্বীকৃতি দিয়া হৈছে । এই চুক্তিয়ে ভাৰতক সীমিত জলসিঞ্চন ব্যৱহাৰ আৰু সীমাহীন অনা-ব্যৱহাৰযোগ্য ব্যৱহাৰ যেনে বিদ্যুৎ উৎপাদন, জল পৰিবহণ, ভাসমান সম্পত্তি আৰু মৎস্য পালনৰ বাবে পশ্চিমীয়া নদীৰ পানী ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে ।
এই চুক্তিৰ অধীনত এক স্থায়ী সিন্ধু আয়োগ স্থাপন কৰা হৈছিল । প্ৰতিখন দেশৰ পৰা এজন আয়ুক্ত থকা এই আয়োগে সমন্বয়মূলক ব্যৱস্থাৰ তত্ত্বাৱধান কৰে । লগতে চুক্তিৰ পৰা উদ্ভৱ হোৱা অজস্ৰ বিষয় আলোচনা কৰিবলৈ দুয়োখন দেশে বাৰ্ষিকভাৱে (ভাৰত আৰু পাকিস্তানত বৈকল্পিকভাৱে) মিলিত হোৱাটো নিশ্চিত কৰে ।
ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত কেইবাখনো যুদ্ধ আৰু উত্তেজনাময় পৰিস্থিতিৰ বাবে এই চুক্তিখন ছয় দশকৰো অধিক সময় ধৰি স্থগিত কৰি ৰখা হৈছে । অৱশ্যে শেহতীয়া বছৰবোৰত পানীৰ ব্যৱহাৰ, বান্ধ নিৰ্মাণ আৰু চুক্তি ৰূপায়ণক লৈ একাধিক বিবাদে ইয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে ।
চুক্তিখনক লৈ শেহতীয়া বিতৰ্ক কি ?
‘‘পশ্চিমীয়া নদী’’ হিচাপে মনোনীত কৰা ঝিলাম আৰু চেনাবৰ উপনদীত অৱস্থিত কিষাণগংগা (330 মেগাৱাট) আৰু ৰাটল (850 মেগাৱাট) জলবিদ্যুৎ প্ৰকল্পৰ কাৰিকৰী ডিজাইনৰ বৈশিষ্ট্য সম্পৰ্কে পাকিস্তানে আপত্তি দৰ্শোৱাৰ পিচত দুয়োখন দেশে বিপৰীত মেৰুত উপনীত হয় ।