শীতকালত শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়, অন্যথা অসুস্থ হ’বলৈ বেছি পৰ নালাগে ৷ যদি আপুনিও আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আপুনিও আপোনাৰ খাদ্য তালিকাত কিছু পৰিৱৰ্তন কৰাটো খুবেই জৰুৰী ৷ শৰীৰক ভিতৰৰ পৰা গৰম তথা সুস্থ কৰি ৰাখিবলৈ আপোনাৰ ঘৰতে উপস্থিত থকা কিছুমান সামগ্ৰীৰ দ্বাৰা কেইবিধমান পানীয় প্ৰস্তুত কৰি খালে শৰীৰৰ বাবে যথেষ্ট লাভদায়ক ৷ জানো আহক এই পানীয়সমূহ নো কি-
নেমু আৰু মৌৰ পানী
কুহুমীয়া পানীত নেমু আৰু মৌমিহলাই খালে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ শীতকালত নেমু মৌৰ পানী খাবলৈ চিকিৎসকেও পৰামৰ্শ আগবঢ়ায় ৷ ঔষধি গুণেৰে ভৰপূৰ এই পানীয়ই আপোনাৰ আন্ত্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় আপোনাৰ শৰীৰক ভিতৰৰ পৰাও সুস্থ ৰখাত সহায় কৰে ৷