জন্মদিন বা বিয়াত উপহাৰ আৰু ফুল দিয়াৰ পৰম্পৰা আছে ৷ কিন্তু ভেলেণ্টাইন সপ্তাহত বেছিভাগ মানুহেই নিজৰ সংগীক ফুল উপহাৰ দিয়ে ৷ এই সপ্তাহটো আৰম্ভ হয় গোলাপ দিৱসৰ পৰা, য’ত সংগীক সন্মুখত প্ৰেম প্ৰকাশ কৰিবলৈ গোলাপ ফুল দিয়া হয় ৷ এই ক্ষেত্ৰত বহুতৰে মনত প্ৰশ্নটো আহি আছে যে, কিয় প্ৰেম প্ৰকাশৰ বাবে কেৱল গোলাপ ফুলহে দিয়া হয় ৷
এনেই বজাৰত বিভিন্ন ধৰণৰ ফুল উপলব্ধ আৰু প্ৰতিটো ফুলৰ নিজস্ব সৌন্দৰ্য আছে যিয়ে মনকটোক আকৰ্ষিত কৰিব পাৰে ৷ কিন্তু তেতিয়াও কিয় প্ৰেম প্ৰকাশৰ বাবে কেৱল গোলাপ ফুলহে দিয়া হয় ? এই পৰম্পৰা ক’ৰ পৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল জানেনে ?
কাহিনী কি ?
ৰঙা গোলাপক সন্মান আৰু প্ৰেমৰ প্ৰতীক হিচাপে ধৰা কৰা হয় আৰু ৰঙা প্ৰেমৰ প্ৰতীক ৷ প্ৰেমিক-প্ৰেমিকাই যেতিয়া প্ৰেম প্ৰকাশ কৰে, তেতিয়া ইজনে সিজনক ৰঙা গোলাপ ফুল দিয়ে ৷ ইয়াৰ আঁৰত বহু কাহিনী আছে ৷ কোৱা হয় যে, মোগল বেগম নূৰজাহানে ৰঙা গোলাপ বৰ ভাল পাইছিল ৷ সেয়ে নূৰজাহানক সুখী কৰি ৰাখিবলৈ মোগল শাসক জাহাংগীৰে প্ৰতিদিনে তেওঁক এজোপা সতেজ গোলাপ ফুল দিছিল ৷ ইয়াৰ উপৰিও ৰাণী ভিক্টোৰিয়াই স্বামী প্ৰিন্স এলবাৰ্টক তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ সময়তে গোলাপৰ ফুলৰ থোপা উপহাৰ দিছিল ৷ একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেতিয়াৰ পৰাই গোলাপ দিৱস পালন কৰা হয় ৷
ৰঙা গোলাপৰ বিশেষত্ব কি ?
ৰঙা গোলাপক প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি ধৰা হয় ৷ ইয়াৰ বিশেষত্ব হ’ল, ৰঙা ৰং হৈছে শক্তি, আকৰ্ষণ আৰু গভীৰ প্ৰেমৰ প্ৰতীক ৷ কাৰোবাক ৰঙা গোলাপ দিলে প্ৰেমৰ অনুভৱ প্ৰকাশ পায়, আৰু প্ৰকৃত প্ৰেম, শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয় ৷ এই ফুলে আপোনাৰ হৃদয়ত যি আছে তাক শব্দবিহীনভাৱে প্ৰকাশ কৰে ৷ সেয়ে প্ৰতিদিনে ভেলেণ্টাইন সপ্তাহত মানুহে নিজৰ সংগীক ৰঙা গোলাপ দি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷