শেহতীয়াকৈ নিউয়ৰ্ক টাইম ট্ৰেভেলে ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া ৫২টা স্থানৰ তালিকা প্ৰস্তুত কৰিছে । উল্লেখযোগ্য যে ৫২ টা গন্তব্যস্থানৰ তালিকাত অসমে চতুৰ্থ স্থান দখল কৰে । সেয়ে আজি এই প্ৰতিবেদনৰ দ্বাৰা অসমৰ এনে কিছুমান স্থানৰ বিষয়ে জানো আহক যিসমূহ ভ্ৰমণৰ বাবে উত্তম তথা এই ঠাইসমূহৰ বিশেষত্ব কি-
চৰাইদেউ মৈদাম
অসমৰ আহোম বংশৰ ৭০০ বছৰীয়া সমাধিৰ টিলা চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ৰখা হৈছে । ইহঁতক ‘অসমৰ পিৰামিড’ বুলিও কোৱা হয় ।
কামাখ্যা মন্দিৰ
অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটি জনপ্ৰিয় স্থান ৷ বহুকেইটা মন্দিৰৰ লগতে নীলাচল পাহাৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ পাহাৰৰ পৰা পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰ তথা প্ৰাকৃতিক সৌন্দযৰ্তাই প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে মন-প্ৰাণ হৰি নিয়ে ৷
ময়ূৰ দ্বীপ, উমানন্দ
উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ ৷ ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত এই স্থান প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ ৷ ব্ৰিটিছসকলে উমানন্দ ময়ূৰ আকৃতিৰ হোৱাৰ বাবে ইয়াক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ নাম দিছিল । শিৱ-পাৰ্বতীৰ মন্দিৰৰ লগতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
এশিঙিয়া গড়ৰ বাবে খ্যাত কাজিৰঙাত আপুনি জুৰাছিক পাৰ্কৰ দৰে এক অভিজ্ঞতা লাভ কৰিব ৷ এই স্থানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটক ইয়াত ভিৰ কৰেহি আৰু শেহতীয়াকৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আন এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । দেশৰ সৰ্বাধিক পখিলা প্ৰজাতি থকা অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।