প্ৰেম এক স্বৰ্গীয় অনুভূতি । প্ৰেমে কঢ়িয়াই আনে মনত হাজাৰটা আশাৰ সঞ্চাৰ ৷ প্ৰেমেই দিয়ে জীয়াই থকাৰ প্ৰেৰণা ৷ প্ৰেমৰ বাবে হয়তো কেতিয়াবা আপোনাৰ বৰষুণত তিতিবলৈ মন নতুবা কুৱলীসিক্ত বননিত খালী ভৰিৰে খোজ কাঢ়িবলৈ মন যায় ৷ প্ৰেমেই বিষাদ প্ৰেমেই আনন্দ, কিন্তু প্ৰেম জীৱনৰ অভিন্ন অংগ ৷ বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিঃৰ্প্ৰকাশেই হৈছে প্ৰেম । ফেব্ৰুৱাৰী মাহেটো প্ৰেমৰ মাহ বুলি কোৱা হয় যদিও প্ৰেম কৰোঁতাই প্ৰতিদিনেই বুকুত কঢ়িয়াই লৈ ফুৰে প্ৰেমানুভূতি ৷
প্ৰেম উদযাপন কৰাৰ এক বিশেষ উপলক্ষ্য হৈছে ভেলেণ্টাইন ডে' ৷ প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাই এই দিনটো বিশেষভাৱে উদযাপন কৰি স্মৰণীয় কৰি তুলিবলৈ দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি কৰে ৷ এইবেলি বিশেষ পাঁচটা ৰাশিচিহ্নৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ভেলেণ্টাইন ডে’ ৷ হয়, এই প্ৰেমৰ বাবে সৌভাগ্যৱান বুলি বিবেচিত এই ৰাশিকেইটা হৈছে-
মেষ ৰাশি
মেষ ৰাশিৰ ব্যক্তিসকল উদ্যমী আৰু আত্মবিশ্বাসী ৷ আপোনাৰ যদি মেষ ৰাশি, তেন্তে এইবাৰ ভেলেণ্টাইন ডে’ত আপোনাৰ জীৱনলৈ নতুন পৰিৱৰ্তন আহিব ৷ অবিবাহিতসকলৰ এক নতুন সম্পৰ্ক আৰম্ভ হ'ব ৷ যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, আপুনি আপোনাৰ সংগীৰ সৈতে এক গভীৰ সম্পৰ্ক অনুভৱ কৰিব ৷ ৰোমাঞ্চ আৰু উত্তেজনা এই দিনটোত আপোনাৰ সম্পৰ্কত থাকিব ৷
মিথুন ৰাশি
মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবেলি ভেলেণ্টাইন ডে'ৰ দিনটো সুখেৰে ভৰি থাকিব ৷ আপুনি যদি মিথুন ৰাশিৰ জাতক বা জাতিকা, তেন্তে আপোনাৰ সংগীয়ে আপোনাক অধিক সময় দিব আৰু আপোনালোক দুয়োৰে মাজত মৰম আৰু বুজাবুজি বৃদ্ধি হ'ব ৷ যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এক নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ লক্ষণ আছে ৷ যিসকল ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকে তেওঁলোকৰ সংগীৰ সৈতে নতুন অভিজ্ঞতা ভাগ বতৰা কৰিব ৷মুঠতে এইবেলি ভেলেণ্টাইন ডে' মিথুন ৰাশিৰ লোকসকলৰ বাবে অতি ৰোমান্টিক আৰু স্মৰণীয় হ'ব ৷
সিংহ ৰাশি