আজি কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ মৃত্যু বাৰ্ষিকী ৷ সংগীতৰ বাবে তেওঁক শিশুৰ পৰা বৃদ্ধৰ অন্তৰত আজিও বাস কৰি আছে ৷ লতা মংগেশকাৰ এই পৃথিৱীত নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠ সদায় সজীৱ হৈ থাকিব ৷ কিংবদন্তি গায়িকা তথা ভাৰত ৰত্ন বঁটা বিজয়ী লতা মংগেশকাৰে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷
লতা মংগেশকাৰ শৈশৱ-কৈশোৰ
১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ জ্যেষ্ঠ কন্যা লতাজীয়ে জন্মগ্ৰহণ কৰিছিল ৷ দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক ৷ ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল ৷ ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন-পালন মহাৰাষ্ট্ৰত কৰা হয় ৷
লতাজীৰ মাক শ্বেৱন্তী, বোম্বাই প্ৰেচিডেঞ্চীৰ থালনাৰৰ (বৰ্তমান উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰত) এগৰাকী গুজৰাটী মহিলা আছিল, যি দীননাথৰ দ্বিতীয়গৰাকী পত্নী আছিল, তেওঁৰ প্ৰথম পত্নী নৰ্মদাৰ মৃত্যুৰ পিছত তেওঁ নৰ্মদাৰ সৰু ভনী শ্বেৱন্তীক বিয়া কৰায় ৷
কেনেকৈ হৈছিল লতা মংগেশকাৰ ?
দীননাথে তেওঁৰ পৰিয়ালক তেওঁৰ জন্মস্থান গোৱাৰ মংগেশীৰ সৈতে চিনাক্ত কৰিবলৈ মংগেশকাৰ উপাধি গ্ৰহণ কৰিছিল ৷ লতাৰ জন্মৰ সময়ত নাম আছিল “হেমা” ৷ লতাজীৰ দেউতাক ভাব বন্ধন নামৰ নাটক এখনত কাম কৰিছিল আৰু সেই নাটকখনৰ এটা মহিলা চৰিত্ৰৰ নাম আছিল লতিকা, পিছলৈ লতাজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম হেমাৰ পৰা লতালৈ সলনি কৰি দিয়ে ৷
লতাজী দীননাথৰ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল ৷ তেওঁৰ ভাই-ভনীসকল ক্ৰমে— মীনা, আশা, ঊষা আৰু হৃদয়নাথ সকলোৱে দক্ষ গায়ক আৰু সংগীতজ্ঞ ৷ তেওঁ দেউতাকৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল ৷ পাঁচ বছৰ বয়সত তেওঁ তেওঁৰ দেউতাকৰ সংগীত নাটকত (মাৰাঠীত সংগীত নাটক) শিশু অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৷ বিদ্যালয়ৰ প্ৰথমটো দিনতে তেওঁ বিদ্যালয়ৰ এৰি গুচি গৈছিল কাৰণ বিদ্যালয়লৈ তেওঁৰ ভনী আশাক তেওঁৰ লগত আনিবলৈ দিয়া নাছিল ৷
সংগীত জগতত জনপ্ৰিয়তা
১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে ৷ গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ’ল ৷ ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে ৷ ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে ৷ ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল ৷
সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল; [7] লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছিল ৷