অসম

assam

ETV Bharat / lifestyle

জীৱনত ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি ? আজি লক্ষ্মী পূজাৰ দিনা কৰক এই কাম

যদি ঘৰত কেতিয়াও ধনৰ অভাৱ হোৱাটো বিচাৰা নাই তেন্তে লক্ষ্মী পূজাৰ দিনা এইসমূহ কাম কৰি লাভ কৰক লক্ষ্মী দেৱীৰ আশীৰ্বাদ ।

By ETV Bharat Lifestyle Team

Published : 5 hours ago

How to please goddess Lakshmi for wealth and prosperity ?
জীৱনত কেতিয়াও নহয় ধনৰ অভাৱ...আজি লক্ষ্মী পূজাৰ দিনা কৰক এই কাম (ETV Bharat)

মা লক্ষ্মীক ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী বুলি গণ্য কৰা হয় ৷ লক্ষ্মী দেৱীৰ পূজাৰে ধন-সম্পত্তিৰ লগতে জীৱনত সমৃদ্ধি আৰু সন্মানৰো আগমণ ঘটে ৷ লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰা জনে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় বুলি বিশ্বাস কৰা হয় ৷ সেয়ে সকলোৱে তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে ৷ যদি আপুনিও আপোনাৰ জীৱনত দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰিছে তেন্তে শাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে, যিসমূহক অনুসৰণ কৰিলে মা লক্ষ্মীক সোনকালে সুখী হয় ৷

আজি লক্ষ্মী পূজা ৷ জনবিশ্বাস-মতে, লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে ৷ এইবাৰ লক্ষ্মী পূজাৰ তিথি বুধবাৰ, ১৬ অক্টোবৰে আৰম্ভ হৈ ১৭ অক্টোবৰ তাৰিখে অন্ত পৰিব ৷

ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা এই কামসমূহ কৰিলে গোটেই বছৰটোলৈ ঘৰত সুখ বৰ্তি থাকে বুলি বিশ্বাস কৰা হয় ৷ তেন্তে পলম নকৰি লক্ষ্মী পূজাৰ দিনা দেৱীক কিদৰে সন্তুষ্ট কৰিব পাৰি ইয়াৰ উপায়সমূহ জানো আহক-

এইদৰে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে

দান-দক্ষিণা

দেৱী লক্ষ্মীৰ আশীৰ্বাদ তেওঁৰ প্ৰিয় বস্তু দান কৰি লাভ কৰিব পাৰি ৷ পুৱা গা ধুই পূজা কৰি পদুম ফুল, শংখ বা কড়ি দান কৰিব লাগে ৷ এনে কৰিলে আমাৰ অৰ্থনৈতিক দিশক আৰু অধিক মজবুত কৰিব পাৰি বুলি বিশ্বাস কৰা হয় ৷

চাফাই কৰা

পৰিষ্কাৰ-পৰিচ্ছন্নতা থকা ঠাইত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয় ৷ পুৱা নিয়মিতভাৱে ঘৰ চাফা কৰি লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰি ৷

শুকুৰবাৰে কৰক এই বিশেষ উপায়

কেৱল লক্ষ্মী পূজাতেই নহয় শুকুৰবাৰৰ দিনটোও দেৱী লক্ষ্মীৰ নামত উচৰ্গা কৰা হয় ৷ এই দিনটোত পুৱা মা লক্ষ্মীক পূজা-অৰ্চনা কৰাটো উচিত ৷ পূজাৰ বাবে বগা কাপোৰ পৰিধান কৰি লক্ষ্মী দেৱীক তেওঁৰ প্ৰিয় মিঠাই আগবঢ়াওক এনে কৰিলে মা সন্তুষ্ট হয় ৷

পূজাৰ ঘৰ

লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ লক্ষ্মী পূজাৰ দিনা ঘৰৰ উত্তৰ-পূব কোণত সদায় পূজা মণ্ডপ স্থাপন কৰিব লাগে ৷ এই ঠাইখন পূজাৰ বাবে উত্তম বুলি গণ্য কৰা হয় ৷

নিমখীয়া পানী

লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ লক্ষ্মী পূজাৰ দিনা ঘৰখন নিমখীয়া পানীৰে মচিব লাগে ৷ এই প্ৰতিকাৰৰ দ্বাৰা ঘৰৰ পৰা নেতিবাচকতা দূৰ হয় আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি ৷

লগতে পঢ়ক:আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা...জানি লওক আজিৰ দিনটোৰ মহত্ব

ABOUT THE AUTHOR

...view details