ইলাচি হৈছে পাকঘৰত উপস্থিত থকা এনে এবিধ মছলা, যাৰ সহায়ত বহু ধৰণৰ খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি পায় । ইলাচি বহু ধৰণে ব্যৱহাৰ কৰা হয় । কিন্তু আপুনি জানেনে যে প্ৰতিদিনে পুৱা খালী পেটত ইলাচি সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় । হয়, আপুনি ঠিকেই শুনিছে । পুৱাই ইলাচি চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয় । মুখৰ দুৰ্গন্ধ ওলোৱা লোকে পুৱা সেউজীয়া ইলাচি সেৱন কৰিব লাগে । জানক কিয় আৰু কোনে কোনে ইলাচি খাব লাগে-
বাহী মুখত ইলাচি খোৱাৰ উপকাৰিতা-
ৰক্ত সঞ্চালন
পুৱা খালী পেটত সেউজীয়া ইলাচি চোবাই খালে ৰক্ত সঞ্চালন ভালদৰে হোৱাত সহায়ক হয় ।
মুখৰ দুৰ্গন্ধ
যদি আপোনাৰ মুখৰ পৰা দু্ৰ্গন্ধ ওলায়, তেন্তে পুৱা খালী পেটত সেউজীয়া ইলাচি চোবাই খাবলৈ আৰম্ভ কৰক । ইলাচি সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয় ।