সনাতন ধৰ্মত সপ্তাহৰ পঞ্চম অৰ্থাৎ শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীক উৎসৰ্গা কৰা হয় ৷ সম্পদ আৰু সমৃদ্ধিৰ দেৱী মা লক্ষ্মীৰ উপাসনাৰ বাবে শুক্ৰবাৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ এই দিনটোত ভক্তই উপাসনা কৰিলে দেৱী লক্ষ্মীৰ বিশেষ আৰ্শীবাদ লাভ কৰিব পাৰে ৷ আপুনিও যদি আপোনাৰ জীৱনত ধনৰ অভাৱ দূৰ কৰি সমৃদ্ধি লাভ কৰিবলৈ বিচাৰে, তেন্তে প্ৰতি শুক্ৰবাৰে তলত উল্লেখ কৰা পাঁচটা কাম কৰিব পাৰে-
মা লক্ষ্মীৰ উপাসনা
প্ৰতি শুক্ৰবাৰে পুৱা সোনকালে উঠি দেৱী লক্ষ্মীৰ উপাসনা কৰিব ৷পুৱা ঘৰৰ উপাসনা স্থান পৰিস্কাৰ কৰি তাত চাকি আৰু ধূপ কাঠি জ্বলাব ৷ দেৱী লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত বগা ফুল, চাউল আৰু গাখীৰ আগবঢ়াব ৷
গৰুক পিঠা খুৱাব
শুক্ৰবাৰে গৰুক পিঠা খুৱাইও আপুনি মা লক্ষ্মীৰ আৰ্শীবাদ লাভ কৰিব পাৰে ৷ এই দিনটোত গৰুক পিঠা খুওৱাৰ ফলত সম্পদ আৰু বিত্তীয় স্থিৰতাৰ সম্ভাৱনা বৃদ্ধি হয় ৷বিশ্বাস অনুসৰি, এনে কৰিলে ঘৰখনত লক্ষ্মীয়ে বাস কৰে ৷ যাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে ৷
পৰিস্কাৰ-পৰিচ্ছন্নতা