অসম

assam

ETV Bharat / lifestyle

তৰ্ক-বিতৰ্ক এৰাই চলক...অর্থনৈতিক সংকটৰ অন্ত পৰিব...মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে...চাওক আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE

বৰ্তমান ধনুৰাশিত অৱস্থান কৰিছে চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

ETV BHARAT DAILY HOROSCOPE
DAILY HOROSCOPE (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 6:45 AM IST

মেষ ৰাশি: চন্দ্ৰ আজি আপোনাৰ বাবে নৱম স্থানত থাকিব । আজি মনটো বিচলিত হ’ব আৰু শৰীৰত এলাহভাৱ থাকিব । স্বাস্থ্যৰ পৰিস্থিতি কিছু উঠা-নমা হ’ব পাৰে । কামত সফলতা পলমকৈ আহিব । বিপক্ষৰ সৈতে তৰ্ক-বিতৰ্ক এৰাই চলক । দুপৰীয়াৰ পাচত পৰিস্থিতি উন্নত হ’ব । বিত্তীয় পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব । ব্যৱসায় বা চাকৰিৰ লগত জড়িতসকলে ক’ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে । প্ৰেম জীৱনত থাকিব অসন্তুষ্টি ।

বৃষ ৰাশি:আজি চন্দ্ৰ আজি আপোনাৰ বাবে অষ্টম স্থানত থাকিব । চৰকাৰ বিৰোধী কাম-কাজৰ পৰা আঁতৰি থাকক । নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ অৱনতিও হ’ব পাৰে । মনত কিছু দুঃচিন্তা হ’ব পাৰে । আনৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হওক । ব্যৱসায়ত অসুবিধাই দেখা দিব পাৰে । ভাগ্য আপোনাৰ পক্ষত খুব কমেইহে থাকিব । বিষয়াৰ লগত তৰ্ক নকৰিব । লক্ষ্য পূৰণত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে । সন্তানক লৈ চিন্তা হ’ব ৷

মিথুন ৰাশি:চন্দ্ৰ আজি আপোনাৰ বাবে সপ্তম স্থানত থাকিব । আজি সুখ আৰু শান্তিৰে দিনটো কটাব পাৰিব । দৈনন্দিন কামত ব্যস্ত হৈ থাকিব পাৰে । মনটোক সুখী কৰি ৰাখিবলৈ মনোৰঞ্জনৰ সহায় লওক । বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে । দুপৰীয়াৰ পিছত মনটো চিন্তিত হৈ পৰিব । খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পত্নীৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে ।

কৰ্কট ৰাশি:এই ৰাশিৰ লোকৰ বাবে চন্দ্ৰ আজি ষষ্ঠ স্থানত থাকিব । আৰ্থিক সুবিধা লাভ কৰিব । ব্যৱসায় কৰা সকলৰ বাবে আজিৰ দিনটো শুভ । অৱশ্যে আৰ্থিক দিশত আপোনজনৰ সমৰ্থন নাপাব । কৰ্মৰ সফলতাৰ বাবে খ্যাতি লাভ কৰিব । কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ’ব পাৰে । পৰিয়ালৰ সৈতে ভাল খাদ্যৰ সোৱাদ ল’ব পাৰিব । বিবাহিত জীৱন আনন্দময় হ’ব । স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় ভাল, কিন্তু ভাগৰুৱা হ’ব পাৰে ।

সিংহ ৰাশি:আজি সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে চন্দ্ৰ পঞ্চম স্থানত থাকিব । সাহিত্য আৰু শিল্পৰ প্ৰতি আগ্ৰহী হ’ব । পেটৰ সমস্যা হব পাৰে । লঘু খাদ্য খাবলৈ পৰামৰ্শ দিয়া হৈছে । অর্থনৈতিক সংকটৰ অন্ত পৰিব ৷ অৱশ্যে আয়ৰ দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হৈ থাকিব । ব্যৱসায়ত লাভ । আনৰ লগত যিকোনো ধৰণৰ অস্বাভাৱিক আচৰণৰ পৰা আঁতৰি থাকক, নহ'লে বিবাদ বাঢ়িব পাৰে ।

কন্যা ৰাশি:আপোনাৰ বাবে আজি চন্দ্ৰ চতুৰ্থ স্থানত থাকিব । কিবা এটা চিন্তাৰ বাবে মানসিক চাপত থাকিব । ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে এলাহভাৱ থাকিব । মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । এই সময়ছোৱাত ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে । পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে । আৰ্থিক লোকচানৰ সম্ভাৱনা । ল’ৰা-ছোৱালী বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবেও ধন ব্যয় কৰা হ’ব । শিশুৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে ।

তুলা ৰাশি:আজি আপোনাৰ বাবে চন্দ্ৰ তৃতীয় স্থানত থাকিব । আজি নতুন কাম আৰম্ভ কৰাৰ অনুকূল দিন । ব্যৱসায়ত লাভ । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সমৰ্থন পাব । আজি আধ্যাত্মিকতা আৰু জ্যোতিষৰ দৰে বিষয়ৰ প্ৰতি আগ্ৰহী হ’ব । দুপৰীয়াৰ পাচত সতেজতা আৰু সুখৰ অভাৱ হ’ব । ঘৰত কিবা এটা বিষয়ক লৈ বিবাদ হ’ব পাৰে । প্ৰেম জীৱনত জটিলতা আহিব পাৰে । আৰ্থিক দিশত সাধাৰণতে দিনটো ফলপ্ৰসূ । অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেও ধন ব্যয় হ’ব পাৰে ।

বৃশ্চিক ৰাশি:চন্দ্ৰ আজি আপোনাৰ বাবে দ্বিতীয় স্থানত থাকিব । নিৰ্ধাৰিত কাম সম্পন্ন নকৰাৰ বাবে হতাশ অনুভৱ কৰিব । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব । কেৰিয়াৰৰ নতুন মঞ্চ বিচৰাতকৈ বৰ্তমানৰ পৰিস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰক । কামৰ জৰিয়তে উৰ্ধতন বিষয়াৰ সহানুভূতি লাভ কৰিব পাৰে । পৰিয়ালত কোনো এটা বিষয়ক লৈ বিবাদ হ’ব । দুপৰীয়াৰ পাচত পৰিয়ালৰ সৈতে সুখেৰে সময় কটাব । প্ৰেম জীৱন উপভোগ্য কৰি তুলিবলৈ কিছু বিশেষ প্ৰচেষ্টা চলাব ।

ধনু ৰাশি:আজি আপোনাৰ বাবে চন্দ্ৰ প্ৰথম স্থানত থাকিব । আৰ্থিক সুবিধা লাভৰ যোগ । আপোনজনৰ ঘৰত শুভ অনুষ্ঠানত উপস্থিত থাকিব । কোনোবা মন্দিৰ বা ধৰ্মীয় স্থানলৈ যাব পাৰে । বিবাহিত জীৱনত সুখ আৰু আনন্দ থাকিব । দুপৰীয়াৰ পাচত কোনো বিষয়ত পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে । মনটো কোনো নিৰ্দিষ্ট সিদ্ধান্ত ল’ব পৰা অৱস্থাত নাথাকিব । সফলতা অপ্ৰাপ্তিয়ে হতাশ কৰিব ৷

মকৰ ৰাশি:চন্দ্ৰ আজি আপোনাৰ বাবে দ্বাদশ স্থানত থাকিব । আজি আদালতৰ বিষয়ৰ পৰা আঁতৰি থাকক । মনত কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে । নেতিবাচক চিন্তাই কামত প্ৰত্যক্ষ প্ৰভাৱ পেলাব । লক্ষ্য পূৰণত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে । নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনাৰ ভয় থাকিব । দুপৰীয়াৰ পাচত স্বাস্থ্যৰ উন্নত হ’ব । মনত সুখ থাকিব । আধ্যাত্মিক চিন্তা-চৰ্চা কৰক । আজি দান-বৰঙণিৰ প্ৰতি আগ্ৰহী হ'ব ।

কুম্ভ ৰাশি:আপোনাৰ বাবে চন্দ্ৰ আজি একাদশ স্থানত থাকিব । আজিৰ দিনটোৰ আৰম্ভণি লাভজনক । সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাব । নতুন মানুহৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে । দুপৰীয়াৰ পাচতো স্বাস্থ্য দুৰ্বল হৈ থাকিব । পৰিয়ালত হোৱা বিবাদৰ বাবে ঘৰৰ পৰিৱেশ অশান্তিকৰ হ’ভ । ব্যয় বেছি হ’ব । আদালতৰ কামত সাৱধান হওক । খং নিয়ন্ত্ৰণ কৰক । মানুহৰ নেতিবাচক আচৰণে আপোনাৰ ক্ষতিহে কৰিব ।

মীন ৰাশি:আজি চন্দ্ৰ দশম স্থানত থাকিব । আজি আপোনাৰ বাবে এক উপকাৰী দিন । কিছু দান-বৰঙণিৰ কামত ব্যস্ত থাকিব । ব্যৱসায়ত সঠিক পৰিকল্পনা কৰিলে ব্যৱসায় বৃদ্ধি পাব । বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল’ব । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ সম্ভাৱনা আছে । পিতৃ আৰু বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ পাব । আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । নিয়োজিত লোকসকলে সহকৰ্মীৰ পৰা সহায় লাভ কৰিব । পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ।

ABOUT THE AUTHOR

...view details