ঔষধি গুণেৰে সমৃদ্ধ নৰসিংহৰ পাত কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেই নহয়,স্বাস্থ্যৰ বাবেও সমানে উপকাৰী ৷ নৰসিংহ পাতে আপোনাৰ স্বাস্থ্যৰ বহুতো উপকাৰিতা সাধন কৰে ৷ সেয়ে যদি আপুনিও নৰসিংহৰ পাত মিহলোৱা পানীৰ আচৰিত উপকাৰিতা লাভ কৰিব বিচাৰে তেন্তে ইয়াক পানীত উতলাই সেই পানী পান কৰিব পাৰে ৷ এই প্ৰাকৃতিক পানীয়বিধ মাত্ৰ এসপ্তাহৰ বাবে আপোনাৰ খাদ্যৰ অংশ হিচাপে গঢ়ি তোলক আৰু চাওক ইয়াৰ লাভালাভসমূহ-
নৰসিংহৰ পাত মিহলোৱা পানী কেনেকৈ তৈয়াৰ কৰিব ?
নৰসিংহৰ পাত মিহলোৱা পানী বনাবলৈ প্ৰথমে কেৰাহীত বা কোনো এটি পাত্ৰত এগিলাচ পানী ঢালি উতলিবলৈ দিয়ক ৷ এতিয়া এই পানীত এমুঠি নৰসিংহ পাত দি ভালদৰে উতলাই লওক ৷ উতলোৱাৰ পিচত এই পানী অলপ ঠাণ্ডা হ’লে ফিল্টাৰ কৰি পান কৰিব পাৰে ৷ ভাল ফলাফল পাবলৈ পুৱা সোনকালে নৰসিংহৰ পাত মিহলোৱা পানী খোৱাটো উচিত ৷ নৰসিংহৰ পাত মিহলোৱা পানী আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি যকৃতৰ স্বাস্থ্যলৈকে সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷
আপুনি কেৱল সুবিধাহে পাব