ভেলেণ্টাইন সপ্তাহৰ তৃতীয় দিনটো চকলেট ডে হিচাপে পালন কৰা হয় ৷ এই দিনটোত মানুহে নিজৰ প্ৰিয়জনক চকলেট দিয়ে ৷ চকলেটে সম্পৰ্কত মধুৰতা যোগ কৰাৰ কাম কৰে ৷ যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপিও ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় ৷ গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হৈছে ৷
প্ৰতি বছৰে ৯ ফেব্ৰুৱাৰীৰ দিনটো চকলেট ডে হিচাপে পালন কৰা হয়, যিটো ভেলেণ্টাইন উইকৰ বিশেষ দিন ৷ আজিৰ দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক চকলেট উপহাৰ দি নিজৰ হৃদয়স্পৰ্শী অনুভৱ প্ৰকাশ কৰে ৷ চকলেট ডে’ক কেনেকৈ আপোনাৰ সংগীৰ বাবে বিশেষ কৰি তুলিব পাৰি জানো আহক-
চকলেট ডে কিয় উদযাপন কৰা হয় ?
প্ৰেম সপ্তাহৰ এই দিনটোত সকলো প্ৰেমিক যুগলে নিজৰ প্ৰিয় চকলেট নিজৰ সংগীক দি প্ৰেমৰ ভাৱ প্ৰকাশ কৰে ৷ কিন্তু আপুনি জানেনে যে চকলেটৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি ৷ প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখিবলৈ পোৱা গৈছিল চকলেট গছ ৷ আনহাতে মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল ৷ দৰা-কইনাই ইজনে সিজনক চকলেট দিছিল ৷ তেতিয়াৰ পৰাই এই ধাৰা চলি আছে ৷
চকলেট স্পেনিছ ভাষাৰ এক শব্দ ৷ কোৱা হয় যে, আগতে চকলেট সোৱাদত তিতা আছিল ৷ আমেৰিকাত ক’ক’ৰ গুটি পিহি কিছু মছলা আৰু জলকীয়া দি তিতা চকলেট তৈয়াৰ কৰা হৈছিল ৷ চকলেটত ব্যৱহৃত ক'ক গছ ২০০০ বছৰ পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত দেখিবলৈ পোৱা গৈছিল ৷ এই গছৰ বীনত থকা গুটিৰ পৰা চকলেট তৈয়াৰ কৰা হয় ৷
লগতে কোৱা হয় যে, চকলেট প্ৰথমে আৰম্ভ কৰিছিল মধ্য আমেৰিকা আৰু মেক্সিকোৰ মানুহে ৷ কিন্তু স্পেইনত চকলেট আটাইতকৈ বিখ্যাত হৈ পৰিছিল ৷ কোৱা হয় যে, পূৰ্বে চকলেট খাব পৰা বস্তু নাছিল বৰঞ্চ খোৱাৰ বস্তু আছিল ৷
১৫২৮ চনত যেতিয়া স্পেইনে মেক্সিকো দখল কৰে, তেতিয়া ৰজাই বহু পৰিমাণৰ ক’ক’ গুটি আৰু চকলেট বনোৱা সঁজুলি লৈ স্পেইনলৈ লৈ যায় ৷ ইয়াৰ পিছত তাত চকলেটৰ প্ৰচলন আৰম্ভ হয় ৷ প্ৰথমাৱস্থাত চকলেটৰ সোৱাদ তিতা আছিল ৷ অলপ পিছতে চকলেট স্পেইনৰ সম্ভ্ৰান্ত লোকসকলৰ ফেশ্বনেবল পানীয় হৈ পৰিল ৷ ইয়াৰ পিছত তিতা সোৱাদ সলনি কৰিবলৈ তাত মৌ আৰু অন্যান্য বস্তু দি ঠাণ্ডা কফি তৈয়াৰ কৰা হৈছিল ৷ ইয়াৰ পিছত এজন চিকিৎসক ছাৰ হান্স স্ল’নে ইয়াক প্ৰস্তুত কৰি পানযোগ্য কৰি তুলিলে ৷