নৱৰাত্ৰিৰ সপ্তম দিনত মা কালৰাত্ৰি অৰ্থাৎ মহাকালীৰ পূজা-অৰ্চনা কৰা হয় ৷ আজি দুৰ্গা দেৱীৰ এই বিক্ৰাল ৰূপক পূজা কৰা হয় আৰু ভক্তসকলে নিজৰ সমষ্ট দুখ দূৰ কৰিবলৈ মাৰ পৰা আশীৰ্বাদ বিচাৰে । মাৰ এই ৰূপৰ বিশেষত্ব হ’ল গভীৰ ৰাতিৰ দৰে ক’লা আৰু মাজনিশাৰ দৰে নীলা। সেয়ে আজিৰ দিনটোত নীলা ৰঙৰ বিশেষ গুৰুত্ব আছে ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বলীউডৰ মোহময়ী অভিনেত্ৰীসকলে পৰিধান কৰা নীলা ৰঙৰ পোচাকৰ এনে কিছুমান বিকল্প যাক আপুনিও অনুসৰণৰ কৰিব পাৰে-
সোহা আলী খানৰ চাদৰ মেখেলাৰ গাউন লুক
যদি এইবাৰ নৱৰাত্ৰিত এটি নতুন লুক বিচাৰিছে তেন্তে অভিনেত্ৰী সোহা আলী খানৰ দৰে চাদৰ মেখেলাৰ সৈতে আপুনিও এক্সপেৰিমেন্ট কৰিব পাৰে ৷ ফেশ্বন ডিজাইনাৰ তথা অসম সন্তান সংযুক্তা দত্তই ডিজাইন কৰা এই চাদৰ মেখেলাৰ গাউন নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷
কাজলৰ বেনাৰসী চিল্ক শাৰীৰ লুক
শাৰী পৰিধান কৰিলে প্ৰত্যেক মহিলাকে ধুনীয়া দেখি ৷ সেয়ে আজি নৱৰাত্ৰিৰ পূজাত আপুনি অভিনেত্ৰী কাজলৰ দৰে স্লীভলেচ ব্লাউজৰ সৈতে ৰিগেল ব্লু হেণ্ডলুম বেনাৰসী চিল্ক শাৰীৰ সৈতে পোটলি বেগৰ এই ষ্টাইল অনুসৰণ কৰিব পাৰে ৷